ঢাকা, ০৯ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশৰ বিখ্যাত চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী তথা সাংস্কৃতিক ব্যক্তিত্ব মুস্তাফা মনৱাৰক ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱন দায়িনী উপকৰণ (লাইফ চাপৰ্ট)ত ৰখা হৈছে। তেওঁক বাংলাদেশৰ পুতলা মানুহ বুলি মৰমেৰে জনা যায়। পৰিয়ালৰ সূত্ৰ অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আছে। ইয়াৰ ভিতৰত নিউমোনিয়া আৰু প্ৰষ্টেট কেন্সাৰ প্ৰধান।
ঢাকাৰ পৰা প্ৰকাশিত বাতৰি কাকত ঢাকা ট্ৰিবিউনৰ মতে শনিবাৰে হঠাতে তেওঁৰ অৱস্থাৰ অৱনতি ঘটে। পৰিয়ালে তেওঁক স্কোৱাৰ হাস্পতালত ভৰ্তি কৰে। চিকিৎসালয়ত তেওঁক লাইফ চাপৰ্ট চিষ্টেমত ৰখা হৈছে। কিছুদিন পূৰ্বে মুস্তাফা মনৱাৰক চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা হৈছিল। তাৰ পৰাই প্ৰষ্টেট কেন্সাৰৰ চিকিৎসা গ্ৰহণ কৰি ঘৰলৈ উভতি আহি সুস্থ হৈ উঠিছিল।
তেওঁৰ জনপ্ৰিয় টেলিভিছন পুতলা অনুষ্ঠান মনেৰ কথা ১২ বছৰ ধৰি বিটিভিত চলিছিল। ই অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। ৯০ৰ দশকত শিশুৱে ইয়াক আটাইতকৈ ভাল পাইছিল। একুশ্বে পদক বিজয়ী শিল্পীগৰাকীয়ে ইষ্ট পাকিস্তান কলেজ অৱ আৰ্টছ এণ্ড ক্ৰাফ্টছৰ প্ৰবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলৈ তেওঁ পিটিভি (বৰ্তমান বাংলাদেশ টেলিভিছন)ৰ পূব পাকিস্তান শাখাৰ সঞ্চালক প্ৰধান হয়।
মুস্তাফা মনোৱাৰে বাংলাদেশ শিল্পকলা একাডেমী আৰু নেচনেল মিডিয়া ইনষ্টিটিউটৰ সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশ চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আৰু বাংলাদেশ শিশু একাডেমীৰ সভাপতিও আছিল। ১ ছেপ্টেম্বৰত তেওঁ ৮৯ সংখ্যক জন্মদিন পালন কৰে। তেওঁ ১৯৩৫ চনত জেছ’ৰত বিশিষ্ট কবি গোলাম মষ্টোফাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ