ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ পূৰ্বে গাজাত যুদ্ধবিৰতি সম্ভৱ
দোহা, ১৪ জানুৱাৰী (হি.স.)। গাজাত ইজৰাইল আৰু হামাছৰ মাজত দীৰ্ঘদিনীয়া যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণৰ পূৰ্বে যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ কাটাৰে চেষ্টা চলাইছে। কাট
6ad5d29de368db3dcf6f9d8e133a223a_645704092.jpg


দোহা, ১৪ জানুৱাৰী (হি.স.)। গাজাত ইজৰাইল আৰু হামাছৰ মাজত দীৰ্ঘদিনীয়া যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণৰ পূৰ্বে যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ কাটাৰে চেষ্টা চলাইছে। কাটাৰে প্ৰস্তুত কৰা খচৰা দুয়োপক্ষৰ আগত দাখিল কৰিছে। অহা সপ্তাহত ইয়াৰ স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

কাটাৰ ট্ৰিবিউনৰ মতে, গাজা ষ্ট্ৰিপত যুদ্ধবিৰতি আলোচনাৰ বাবে উপস্থিত হোৱা লুছাইল পেলেচত থকা নিজৰ কাৰ্যালয়ত হামাছৰ প্ৰতিনিধি দলক আদৰণি জনায় আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীয়ে। এই প্ৰতিনিধি দলটো বৰ্তমান ডঃ খলিল আলৰ নেতৃত্বত ডোহাত আছে। আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীয়ে যুদ্ধবিৰতি আলোচনাৰ অগ্ৰগতিৰ ওপৰত প্ৰতিনিধি দলটোক সন্তুষ্টি প্ৰকাশ কৰে।

ইফালে, সোমবাৰে ৱাশ্বিংটনত হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে গাজাৰ যুদ্ধবিৰতি আৰু পণবন্দী মুক্তিৰ চুক্তিৰ ওচৰ চাপিছে। ৰাষ্ট্ৰপতি জো বাইডেনৰ কাৰ্যকালৰ অন্তিম সপ্তাহত চূড়ান্ত হ’ব পাৰে। তেওঁ কয় যে দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে বাইডেনে কথা পাতিছিল। এই বিষয়ত মধ্যস্থতাকাৰী কাটাৰৰ আমিৰৰ সৈতেও তেওঁ আলোচনাত মিলিত হ’ব। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে অতি সোনকালে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আলোচনাত মিলিত হ’ব বুলিও চুলিভানে কয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande