পিতৃ-মাতৃ হোৱাৰ পূৰ্বেই সিদ্ধিবিনায়কলৈ গৈছিল ৰণবীৰ-দীপিকা
ৰনবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ চৰ্চিত দম্পতী । দুয়োজনে ‘ৰামলীলা’ৰ চেটত লগ হৈছিল আৰু ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ ছবছৰৰ পিছত এতিয়া এই দম্পতীহালৰ ঘৰলৈ নতুন আলহী আহিবলৈ গৈ আছে। শেহতীয়াকৈ ৰণবীৰ আৰু দীপিকাই প্ৰসূতিৰ ফটো শ্বুট কৰিছে। ইয়াৰ
শনিবাৰে মুম্বাইত ভগৱান সিদ্ধিবিনায়কক পূজা কৰিবলৈ মন্দিৰলৈ যায় ৰণবীৰ আৰু দীপিকা


ৰনবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ চৰ্চিত দম্পতী । দুয়োজনে ‘ৰামলীলা’ৰ চেটত লগ হৈছিল আৰু ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ ছবছৰৰ পিছত এতিয়া এই দম্পতীহালৰ ঘৰলৈ নতুন আলহী আহিবলৈ গৈ আছে। শেহতীয়াকৈ ৰণবীৰ আৰু দীপিকাই প্ৰসূতিৰ ফটো শ্বুট কৰিছে। ইয়াৰ পূৰ্বেও দীপিকাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল যে ছেপ্টেম্বৰ মাহত তেওঁ আৰু ৰণবীৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছে। যিকোনো শুভ কামৰ আগতে দীপবীৰে মুম্বাইৰ বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰ পৰিদৰ্শন কৰে। বিয়া পাতি সিদ্ধিবিনায়কৰ দৰ্শনেৰে জীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁলোকৰ পৃথিৱীত নতুন অতিথিজন অহাৰ আগতেই দম্পতীহালে সিদ্ধিবিনায়কলৈ গৈছিল।

শনিবাৰে গণেশ চতুৰ্থীৰ দিনা ৰণবীৰ আৰু দীপিকাই পৰিয়ালৰ সৈতে সিদ্ধিবিনায়ক ভ্ৰমণ কৰে। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। ইয়াত দীপিকাক সোণৰ এম্ব্ৰয়ডাৰীৰে সেউজীয়া শাৰী পিন্ধি দেখা গৈছে, আনহাতে ৰণবীৰ সিঙক বগা কুৰ্তা পিন্ধি দেখা গৈছে। এটা ভিডিঅ’ত ৰণবীৰ আৰু দীপিকাক সিদ্ধিবিনায়ক মন্দিৰত প্ৰৱেশ কৰি চৌপাশৰ মানুহক সম্ভাষণ জনোৱা দেখা গৈছে। এই ভিডিঅ'টোৰ শেষত ৰণবীৰে দীপিকাৰ হাতত ধৰি মন্দিৰৰ ফালে লৈ যোৱা দেখা গৈছে।

আন এটা ভিডিঅ’ত ৰণবীৰ আৰু দীপিকাক সিদ্ধিবিনায়ক মন্দিৰত আয়োজন কৰা আৰতিত অংশগ্ৰহণ কৰা দেখা গৈছে। আৰতি আৰু হাত চাপৰি বজোৱাত মগ্ন ৰণবীৰ। ইফালে শেহতীয়াকৈ দীপিকাক দেখা গ’ল ‘কলকী ২৮৯৮ এডি’ ছবিখনত। অজয় দেৱগনৰ সৈতে ‘সিংহম এগেইন’ ছবিতো দেখা যাব। ‘ডন ৩’ ছবিখনত দেখা যাব ৰণবীৰ সিঙক।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande