চিম্মা ২০২৪ত ঐশ্বৰ্য ৰায়লৈ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা
ডুবাইত অনুষ্ঠিত চিম্মা ২০২৪ বঁটা প্ৰদান অনুষ্ঠানত ঐশ্বৰ্য ৰায় বচ্চনে ক’লা আৰু সোণৰ গাউন পিন্ধি অংশগ্ৰহণ কৰে। ৰূপালী আৰু ক’লা ৰঙৰ জিলিকি থকা সাজ-পোছাকত দেখা গৈছিল আৰাধ্যাক। ঐশ্বৰ্যই নিজৰ মৰমৰ কন্যাৰ হাতত ধৰি এই অনুষ্ঠানৰ ৰেড কাৰ্পেটত প্ৰৱেশ কৰে। এইবা
ঐশ্বৰ্য ৰায়


ডুবাইত অনুষ্ঠিত চিম্মা ২০২৪ বঁটা প্ৰদান অনুষ্ঠানত ঐশ্বৰ্য ৰায় বচ্চনে ক’লা আৰু সোণৰ গাউন পিন্ধি অংশগ্ৰহণ কৰে। ৰূপালী আৰু ক’লা ৰঙৰ জিলিকি থকা সাজ-পোছাকত দেখা গৈছিল আৰাধ্যাক। ঐশ্বৰ্যই নিজৰ মৰমৰ কন্যাৰ হাতত ধৰি এই অনুষ্ঠানৰ ৰেড কাৰ্পেটত প্ৰৱেশ কৰে। এইবাৰ দুয়োকে একেলগে পোজ দিয়া দেখা গ’ল। কেৱল এয়াই নহয়, দুয়োজনে ইজনে সিজনক চুমাও খালে। এই অনুষ্ঠানৰ পৰা ঐশ্বৰ্য আৰু আৰাধ্যাৰ বহু ভিডিঅ’ ভাইৰেল হৈছে।

চিম্মা ২০২৪ত ঐশ্বৰ্য ৰায়-বচ্চনক 'পন্নিয়িন চেলভান: ২' ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সমালোচকৰ পছন্দৰ বঁটাৰে সন্মানিত কৰা হয়। এই বঁটা ঐশ্বৰ্যক প্ৰদান কৰিছিল প্ৰযোজক কবীৰ খানে। এই উপলক্ষে মাকক বঁটা লাভ কৰা দেখি আৰাধ্যাই অতিশয় আনন্দিত হৈছিল। লগে লগে মাকৰ এই প্ৰশংসাৰ এই মুহূৰ্তটো তেওঁ নিজৰ মোবাইল ফোনত বন্দী কৰিলে। বঁটা গ্ৰহণ কৰি থকা অৱস্থাত আৰাধ্যাই ঐশ্বৰ্যৰ ফটো তুলি থকা দেখা গৈছিল।

এই বঁটা লাভ কৰাৰ পিছত ঐশ্বৰ্য ৰায়-বচ্চনে কয় যে, মোক এই বঁটাৰে সন্মান জনোৱাৰ বাবে চিম্মাৰ প্ৰতি অতিশয় কৃতজ্ঞ। এই বঁটাটোৱে মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। কাৰণ এই ছবিখন মোৰ হৃদয়ৰ অতি ঘনিষ্ঠ আছিল 'পন্নিয়িন চেলভান' মোৰ গুৰু মণি ৰত্নমে পৰিচালনা কৰিছিল যে মই 'পন্নিয়িন চেলভান'ত নন্দিনীৰ চৰিত্ৰত অভিনয় কৰি সন্মানিত হৈছো।

ঐশ্বৰ্য ৰায়-বচ্চনে ‘পন্নিয়িন চেলভান: ২’ ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। ঐশ্বৰ্যক নন্দিনী আৰু মন্দাকিনী দেৱীৰ দুটা চৰিত্ৰত দেখা গৈছে। এখন তামিল উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখন। ঐশ্বৰ্য, কাৰ্তি, জয়ম ৰবি, তৃষা, জয়ৰাম, প্ৰভু, আৰ সাৰথকুমাৰ, শোভিতা ধূলিপালা, ঐশ্বৰ্য লক্ষ্মী, বিক্ৰম প্ৰভু, প্ৰকাশ ৰাজ, ৰহমান আৰু আৰ পাৰ্থিৱনেও চিনেমাখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande