থলপতি বিজয়ৰ ছবি ‘গোট’ল প্ৰথম দিনাই বৃহৎ উপাৰ্জন
দক্ষিণৰ ছুপাৰষ্টাৰ থলপতি বিজয়ৰ তামিল চিনেমাত যথেষ্ট অনুৰাগী আছে। ৰজনীকান্ত আৰু কমল হাছানৰ পিছত থলপতি বিজয় দক্ষিণৰ এটা ডাঙৰ নাম। থলপতি বিজয়ৰ অনুৰাগী কেৱল তামিলনাডুতে নহয়, দক্ষিণৰ ৰাজ্যকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে অনুৰাগী আছে। তেওঁৰ ‘মাষ্টাৰ’, ‘লিঅ’, ‘ব
অভিনেতা বিজয়


দক্ষিণৰ ছুপাৰষ্টাৰ থলপতি বিজয়ৰ তামিল চিনেমাত যথেষ্ট অনুৰাগী আছে। ৰজনীকান্ত আৰু কমল হাছানৰ পিছত থলপতি বিজয় দক্ষিণৰ এটা ডাঙৰ নাম। থলপতি বিজয়ৰ অনুৰাগী কেৱল তামিলনাডুতে নহয়, দক্ষিণৰ ৰাজ্যকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে অনুৰাগী আছে। তেওঁৰ ‘মাষ্টাৰ’, ‘লিঅ’, ‘বিষ্ট’ আদি ছবিয়ে বক্স অফিচত বহু অভিলেখ সৃষ্টি কৰিছে। তেওঁৰ নতুন ছবি ‘গোট’ (গ্ৰেটেষ্ট অব অলটাইম) ২০২৪ চনৰ ৫ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে। তেওঁৰ আন আন ছবিৰ দৰে এই ছবিখনেও কোটি কোটি টকা উপাৰ্জন কৰিছে।

বক্স অফিচৰ ট্ৰেকাৰ ছেকনিলকৰ মতে, ‘গোট’ ছবিখনে প্ৰথম দিনাই অৰ্থাৎ বৃহস্পতিবাৰে ৪৩ কোটি টকাৰ ব্যৱসায় কৰিছে। ইয়াৰ লগে লগে এই ছবিখনে ২০২৪ চনৰ প্ৰথম দিনটোত সৰ্বাধিক উপাৰ্জন কৰা তামিল ছবি হিচাপে পৰিগণিত হৈছে। এই ছবিখনে হিন্দীত ১.৭ কোটি, তামিল ভাষাত ৩৮.৩ কোটি আৰু তেলেগু ভাষাত ৩ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘গোট’ ছবিখনত প্ৰচণ্ড একচন। এই ছবিখনত বিজয়ে গোয়েন্দা চৰিত্ৰত অভিনয় কৰিছে আৰু এই ছবিখনত তেওঁক বহু ষ্টাণ্ট কৰা দেখা গৈছে। ‘গোট’ত অভিনয় কৰিছে অভিনেতা, পৰিচালক আৰু নৃত্য পৰিচালক প্ৰভুদেৱাই। ইয়াত বিজয়ক তেওঁৰ সাধাৰণ ৰাউডি লুকত দেখা গৈছে আৰু ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে।

কেইমাহমান পূৰ্বে চিৰদিনৰ বাবে চিনেমা ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল থলপতি বিজয়ে। তেওঁ ‘তামিঝাগা ভেত্ৰী কাঝাগম’ অৰ্থাৎ ‘তামিলনাডু বিজয় পাৰ্টি’ নামেৰে এটা দল গঠন কৰি এতিয়া কেৱল ৰাজনীতিহে কৰিব বুলি কৈছে। ‘গোট’ আৰু এখন শিৰোনামহীন ছবিৰ শ্বুটিং হোৱাৰ পিছত বিজয়ে চিৰদিনৰ বাবে চলচ্চিত্ৰ জগত এৰিব বুলি ঘোষণা কৰিছিল। ৰাজনীতি তেওঁৰ বাবে কেৱল চখ নহয়, ইয়াত কাম কৰাৰ প্ৰবল ইচ্ছা তেওঁৰ আছে। তেওঁ কৈছিল যে তেওঁ নিজকে সম্পূৰ্ণৰূপে ইয়াৰ বাবে উৎসৰ্গা কৰিব বিচাৰে, গতিকে তেওঁ আৰু ছবিত কাম নকৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande