কেন্সাৰৰ সৈতে যুঁজি থকা হিনা খানৰ আন এটা ৰোগ
টিভিত অভিনয়ৰ যাদু প্ৰদৰ্শন কৰা অভিনেত্ৰী হিনা খানে বৰ্স্ততমান কেন্সাৰৰ সৈতে যুঁজি আছে। বৰ্তমান হিনাই কেমোথেৰাপি চিকিৎসা গ্ৰহণ কৰি আছে। হিনাই নিজৰ চিকিৎসাৰ সকলো আপডেট নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে। ইফালে হিনাই এতিয়া নিজৰ স্বাস্থ্য সন্দৰ্ভত এট
হিনা খান


টিভিত অভিনয়ৰ যাদু প্ৰদৰ্শন কৰা অভিনেত্ৰী হিনা খানে বৰ্স্ততমান কেন্সাৰৰ সৈতে যুঁজি আছে। বৰ্তমান হিনাই কেমোথেৰাপি চিকিৎসা গ্ৰহণ কৰি আছে। হিনাই নিজৰ চিকিৎসাৰ সকলো আপডেট নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে। ইফালে হিনাই এতিয়া নিজৰ স্বাস্থ্য সন্দৰ্ভত এটা আপডেট দিছে। কেমোথেৰাপিৰ ফলত পাৰ্শ্বক্ৰিয়া হৈছে। সেয়ে তেওঁৰ নতুন বেমাৰ এটা হ’ল।

হিনা খানৰ ষ্টেজ থ্ৰী স্তন কেন্সাৰ হৈছে। কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়াৰ বাবে হোৱা অসুস্থতাৰ বিষয়ে হিনা খানে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত জনাইছে। কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়াৰ বাবে ম্যুকোচাইটিছ ৰোগত আক্ৰান্ত বুলিও কয় তেওঁ। হিনাই তেওঁৰ পোষ্টত কৈছে, কেমোথেৰাপিৰ আন এটা পাৰ্শ্বক্ৰিয়া হ'ল ম্যুকোচাইটিছ। অৱশ্যে তেওঁ চিকিৎসাৰ বাবে ডাক্তৰৰ নিৰ্দেশনা মানি চলি আছে। যদি আপোনালোকৰ কোনোবাই এইটোৰ মাজেৰে পাৰ হৈ গৈছে বা কোনো উপযোগী সমাধান জানে তেন্তে অনুগ্ৰহ কৰি পৰামৰ্শ দিয়ক। একো খাব নোৱাৰিলে বৰ কষ্ট হয়।

অনুৰাগীসকললৈ হিনাৰ আবেদন - মোৰ বাবে প্ৰাৰ্থনা...

হিনা খানে নিজৰ পোষ্টৰ কেপচনত অনুৰাগীৰ পৰা প্ৰাৰ্থনা বিচাৰিছে। হিনাক উৎসাহিত কৰি অনুৰাগীসকলে হিনাৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰিছে। এজন অনুৰাগীয়ে কয় যে আপোনাৰ সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো। আন এজনে লিখিছে, শীঘ্ৰে ভাল হ'ব। আপোনাৰ বাবে প্ৰাৰ্থনা কৰিছো।'' এজনে মন্তব্য কৰিছিল, ''সঠিক চিকিৎসা লওক, এটা বেয়া পৰামৰ্শই পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে।'' হিনা খানে ইনষ্টাগ্ৰামত এটা স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰে। পোষ্টটোত হিনাই কয় যে তেওঁৰ পাঁচটা কেমোথেৰাপি চিকিৎসা সম্পূৰ্ণ হৈছে আৰু আৰু তিনিটা বেজী বাকী আছে। কিছুমান দিন কঠিন আৰু কিছুমান বৰ কঠিন, যেনে আজি দিনটো আৰু মোৰ আজি বহুত ভাল লাগিছে।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে হিনা খানে স্তন কেন্সাৰৰ বিষয়ে অৱগত কৰিছিল। হিনা খানে এই পোষ্ট দিয়াৰ পিছতে এক চাঞ্চল্যৰ সৃষ্টি হৈছিল। বহু শিল্পীয়ে তেওঁক উৎসাহিত কৰি ইতিবাচক চিন্তা আৰু চিকিৎসাৰে সুস্থ হোৱাৰ কামনা কৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande