নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত ভাৰত চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, ত্ৰিপুৰা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ (এ টি টি এফ)ৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে এই চুক্তিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু সন্ত্ৰাসবাদমুক্ত উত্তৰ-পূবৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, ই এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব। চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ডাঃ) মাণিক সাহা, গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ত্ৰিপুৰা চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।
এই উপলক্ষে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে আজি সমগ্ৰ দেশ আৰু ত্ৰিপুৰাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। তেওঁ কয় যে নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ ত্ৰিপুৰা (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চে অস্ত্ৰ ত্যাগ কৰি, মূলসুঁতিলৈ আহি সমগ্ৰ ত্ৰিপুৰাৰ উন্নয়নৰ বাবে ত্ৰিপুৰাত ৩৫ বছৰীয়া সংঘাতৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে। তেওঁ কয় যে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰাই তেওঁ শান্তি আৰু আলোচনাৰ জৰিয়তে সক্ষম আৰু উন্নত উত্তৰ-পূবৰ দৃষ্টিভংগী দেশৰ সন্মুখত দাঙি ধৰিছে।
শ্বাহে কয় যে উত্তৰ-পূব আৰু দিল্লীৰ জনসাধাৰণৰ মাজত এক বৃহৎ ব্যৱধান আছিল, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল পথ, ৰে’ল আৰু বিমানৰ জৰিয়তে হ্ৰাস কৰাই নহয়, হৃদয়ৰ মাজৰ দূৰত্ব দূৰ কৰিবলৈও কাম কৰিছে। তেওঁ কয় যে ভাৰত চৰকাৰে অষ্টলক্ষ্মী কনচেপ্ট আৰু পূৰ্বোদয়ৰ সংমিশ্ৰণেৰে ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ সংকল্প লৈছে, য’ত আজিৰ চুক্তিখন এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই চুক্তি উত্তৰ-পূবৰ বাবে দ্বাদশ চুক্তি আৰু ত্ৰিপুৰাৰ সৈতে জড়িত তৃতীয়খন চুক্তি। তেওঁ কয় যে এই চুক্তিসমূহৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ১০ হাজাৰ উগ্ৰপন্থীয়ে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ আহিছে। এই ১২খন চুক্তিৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ মৃত্যু ৰোধৰ বাবে দুয়োপক্ষৰ পৰা বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজিৰ এই চুক্তিৰ অধীনত ৩২৮ জনতকৈ অধিক সশস্ত্ৰ কেডাৰে হিংসা ত্যাগ কৰি সমাজৰ মূলসুঁতিত যোগদান কৰি কেৱল এখন উন্নত ত্ৰিপুৰা নহয়, এখন উন্নত ভাৰত গঢ়ি তোলাত অৰিহণা যোগাব পাৰিব। চৰকাৰেও এই চুক্তি সম্পূৰ্ণৰূপে মানি চলিব আৰু সকলোৰে আশা পূৰণৰ বাবে গৃহ মন্ত্ৰালয়ে যৎপৰোনাস্তি চেষ্টা কৰিব।
শ্বাহে কয় যে ভাৰত চৰকাৰে অঞ্চলটোৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আৰু তেওঁলোকে অস্ত্ৰ লোৱাৰ কাৰণসমূহ নাইকিয়া কৰাৰ বাবে সকলো চুক্তিতে সম্পূৰ্ণ হৃদয় আৰু স্পৰ্শকাতৰ প্ৰচেষ্টা চলাইছে। তেওঁ কয় যে ত্ৰিপুৰাৰ জনজাতীয় জনসংখ্যাৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৫০ কোটি টকাৰ বিশেষ পেকেজত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোডী চৰকাৰে সকলো চুক্তি আখৰে আখৰে আৰু ইতিবাচক মনোভাৱেৰে কাৰ্যকৰী কৰিছে। তেওঁ কয় যে ব্ৰু-ৰিয়াং চুক্তিৰ পিছত আজি হাজাৰ হাজাৰ ব্ৰু-ৰিয়াং ভাতৃয়ে নিজৰ ঘৰত বসবাস কৰি আছে, তেওঁলোকৰ সন্তানে ভাল স্কুলত পঢ়ি আছে, তেওঁলোকৰ কৰ্মসংস্থাপনৰ যত্ন লোৱা হৈছে আৰু ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো জনকল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিছে। তেওঁ কয় যে আমি সকলোৱে মিলি এখন শক্তিশালী ত্ৰিপুৰা গঢ়াৰ দিশত কাম কৰিম।
অমিত শ্বাহে কয় যে মোডী চৰকাৰে ২০১৫ চনতে ত্ৰিপুৰাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফছপা) আঁতৰাইছিল, উত্তৰ-পূবৰ অধিকাংশ অঞ্চলৰ পৰাও আফছপা আঁতৰোৱা হৈছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ পৰিৱৰ্তে উন্নয়নৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ সংস্কৃতি, ভাষা, পৰিচয় আদি সংৰক্ষণ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে মোডী চৰকাৰ দায়বদ্ধ। আজি হোৱা চুক্তি অনুসৰি এন এল এফ টি আৰু এ টি টি এফে হিংসাৰ পথ পৰিত্যাগ কৰি সকলো অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰি সশস্ত্ৰ সংগঠন ভংগ কৰিবলৈ সন্মত হৈছে। ইয়াৰ উপৰিও এন এল এফ টি আৰু এ টি টি এফৰ সশস্ত্ৰ কেডাৰসকলেও আইনৰ দ্বাৰা প্ৰতিষ্ঠিত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ আৰু দেশৰ অখণ্ডতা বজাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে।
এই উপলক্ষে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু সদিচ্ছা প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া