
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। পশ্চিম এছিয়াত চলি থকা অস্থিৰ পৰিস্থিতিৰ মাজতে ভাৰত আৰু ইজৰাইলে একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মাজত টেলিফোনিক বাৰ্তালাপ হয়।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ফোন কল লাভ কৰে। দুয়োগৰাকী নেতাই নৱবৰ্ষৰ শুভেচ্ছা আদান-প্ৰদান কৰি ভাৰত আৰু ইজৰাইলৰ জনসাধাৰণৰ বাবে শান্তি আৰু সমৃদ্ধিৰ কামনা কৰে।
বাৰ্তালাপৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনত ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে ভাগ-বতৰা কৰা অগ্ৰাধিকাৰ চিহ্নিত কৰে।
দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ প্ৰতি শূন্য সহনশীলতা নীতি পুনৰাবৃত্তি কৰি এই বিশ্বজনীন ভাবুকিৰ সৈতে যৌথভাৱে যুঁজিবলৈ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নেতান্যাহুৱে প্ৰধানমন্ত্ৰী মোডীক গাজা শান্তি পৰিকল্পনা ৰূপায়ণৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোত ন্যায়সংগত আৰু স্থায়ী শান্তি অৰ্জনৰ প্ৰচেষ্টাক ভাৰতৰ অবিৰত সমৰ্থনৰ কথা পুনৰ দৃঢ়তাৰে কয়। আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ক লৈও দুয়োগৰাকী নেতাই মত বিনিময় কৰে। বৰ্তমানৰ আঞ্চলিক পৰিস্থিতি, শক্তি সুৰক্ষা, আৰু অঞ্চলটোত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ ওপৰত ভাৰতে তীক্ষ্ণ নিৰীক্ষণ কৰাটোও লক্ষ্য কৰা হৈছিল। ভৱিষ্যতেও যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয় দুয়োগৰাকী নেতাই।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে, মোৰ বন্ধু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে কথা পাতি তেওঁ আৰু ইজৰাইলৰ জনসাধাৰণক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আমি আগন্তুক বছৰত ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ। আমি আঞ্চলিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ ভাগ-বতৰা সংকল্প শক্তিশালী কৰিলোঁ।
हिन्दुस्थान समाचार / অৰৱিন্দ