নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ ধাৰা অব্য়াহত আছে। ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৭৪ ডলাৰ আৰু ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰায় ৭০ ডলাৰত ব্য়ৱসায় কৰি আছে। দেশত পেট্ৰল-ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।
ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি দিল্লীত পেট্ৰ’লৰ হাৰ ৯৪.৭২ টকা, ডিজেলত ৮৭.৬২ টকা, মুম্বাইত পেট্ৰ’লৰ হাৰ ১০৩.৪৪ টকা, ডিজেলৰ ৮৯.৯৭ টকা, কলকাতাত পেট্ৰ’লৰ মূল্য ১০৪.৯৫ টকা, ডিজেলৰ ৯১.৭৬ টকা, চেন্নাইত পেট্ৰ’লৰ মূল্য ১০০.৭৫ টকা আৰু ডিজেল ১৯২.৩৪ প্ৰতি লিটাৰত উপলব্ধ হৈ আছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত সপ্তাহটোৰ তৃতীয় দিনটোৰ আৰম্ভণিৰ ব্যৱসায়ত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৩.২৮ ডলাৰত ০.৪৭ ডলাৰ বা ০.৬৪ শতাংশ হ্ৰাস পাইছে। পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৬৯.৮৩ মাৰ্কিন ডলাৰ, ০.৫১ ডলাৰ বা ০.৭৩ শতাংশ হ্ৰাস পাইছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ