ছিংগাপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। দুদিনীয়াকৈ ছিংগাপুৰ ভ্ৰমণৰ বাবে আজি চাংগী বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙক সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমক সাক্ষাৎ কৰি ছিংগাপুৰৰ নেতৃত্বৰ সৈতে মত বিনিময় কৰিব। তেওঁ ছিংগাপুৰৰ ব্যৱসায়ীসকলকো লগ কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে যে তেওঁ ছিংগাপুৰত উপস্থিত হৈছে। ভাৰত আৰু ছিংগাপুৰৰ মাজত বন্ধুত্ব বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা বৈঠকসমূহৰ বাবে তেওঁ আগ্ৰহেৰে বাট চাই আছে। ভাৰতৰ সংস্কাৰ আৰু যুৱক-যুৱতীসকলৰ প্ৰতিভাই দেশখনক এক আদৰ্শ বিনিয়োগৰ গন্তব্যস্থান কৰি তুলিছে। লগতে তেওঁ অধিক ঘনিষ্ঠ সাংস্কৃতিক সম্পৰ্কৰ আশা কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ