কাঠমাণ্ডু, ৩০ ছেপ্টেম্বৰ (হি.স.)। নেপালত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০ জন অতিক্ৰম কৰিছে। এতিয়াও সন্ধানহীন হৈ আছে চাৰি ডজনৰো অধিক সংখ্যক লোক। ভূমিস্খলনত আবদ্ধ হৈ থকা মৃতদেহ উদ্ধাৰ কৰাৰ কাম চলি আছে। বানপানীৰ পানী কমি অহাৰ লগে লগে চৰকাৰে ৰাইজৰ বাবে খাদ্য-পানীয়ৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছে।
গৃহ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৪ লৈ বৃদ্ধি পাইছে। গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ঋষিৰাম তিৱাৰীয়ে কয় যে সোমবাৰে পুৱা ১১ বজালৈকে সমগ্ৰ দেশৰ পৰা লাভ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ২০৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মন্ত্ৰালয়ৰ মুখপাত্ৰই জনোৱা মতে, এই পৰ্যন্ত চাৰি ডজনৰো অধিক লোক নিৰুদ্দেশ হোৱা বুলি তথ্য পোৱা গৈছে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৃহ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ পৰা পোৱা তথ্য অনুসৰি এই পৰ্যন্ত ৪৯ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। মুখপাত্ৰ তিৱাৰীয়ে কয় যে বৰ্তমান প্ৰায় ২০০ আহত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বানপানী আৰু ভূমিস্খলনত আবদ্ধ হৈ থকা প্ৰায় চাৰি হাজাৰ লোকক উদ্ধাৰ কৰা হৈছে।
মুখপাত্ৰগৰাকীয়ে কয় যে চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে গৃহহীন লোকসকলৰ বাবে অস্থায়ী থকাৰ ব্যৱস্থা কৰা। তেওঁ কয় যে আজি খোদ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে নেপালত উপস্থিত হোৱাৰ লগে লগে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত ক্ষতিগ্ৰস্ত লোকসকলক অস্থায়ী বাসগৃহ নিৰ্মাণৰ বাবে প্ৰথম কিস্তি দিয়াৰ সিদ্ধান্ত লোৱা হ’ব।
ইয়াৰ উপৰিও ঘাইপথ সুচল কৰাও চৰকাৰৰ অগ্ৰাধিকাৰ। যিহেতু তিনিদিন পিছত পথ সূচল কৰাৰ কাম আৰম্ভ হৈছে । কাঠমাণ্ডুৰ পৰা প্ৰায় ১০ লাখ লোক পথেৰে আহ–জাহ কৰে। বৰ্তমান কাঠমাণ্ডুৰ পৰা ওলাই যোৱা সকলো ঘাইপথ বন্ধ। চৰকাৰৰ অগ্ৰাধিকাৰ হ’ল সেইবোৰ পুনৰ বাহাল কৰা। আগন্তুক দশহৰা উপলক্ষে মানুহে নিজৰ নিজৰ গাওঁ আৰু অন্যান্য চহৰলৈ যাব পাৰে তাৰ ওপৰত প্ৰশাসনে বিশেষ গুৰুত্ব দিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ