ভাৰতীয় কাৰাগাৰত দুবছৰ কাৰাবাস খাটি ঘৰলৈ উভতি আহিছে ১৫জন বাংলাদেশী
ঢাকা, ২১ ডিচেম্বৰ (হি.স.)। ভাৰতীয় কাৰাগাৰত দুবছৰৰ কাৰাদণ্ড ভুগি থকাৰ পিছত বেনাপোল চেক পোষ্টৰ জৰিয়তে স্বদেশলৈ উভতি আহে ৯ গৰাকী মহিলাসহ ১৫ গৰাকী বাংলাদেশী। তাৰ ভিতৰত ছয়টা সন্তানো আছে। যোৱা নিশা প্ৰায় ১০.৩০ বজাত পেট্ৰাপল ইমিগ্ৰেচন আৰক্ষীয়ে তেওঁক বে
इन सभी को कल रात करीब साढ़े 10 बजे बेनापोल आव्रजन पुलिस को सौंपा गया।


ঢাকা, ২১ ডিচেম্বৰ (হি.স.)। ভাৰতীয় কাৰাগাৰত দুবছৰৰ কাৰাদণ্ড ভুগি থকাৰ পিছত বেনাপোল চেক পোষ্টৰ জৰিয়তে স্বদেশলৈ উভতি আহে ৯ গৰাকী মহিলাসহ ১৫ গৰাকী বাংলাদেশী। তাৰ ভিতৰত ছয়টা সন্তানো আছে। যোৱা নিশা প্ৰায় ১০.৩০ বজাত পেট্ৰাপল ইমিগ্ৰেচন আৰক্ষীয়ে তেওঁক বেনাপোল ইমিগ্ৰেচন আৰক্ষীক গতাই দিয়ে।

দ্য ডেইলী ষ্টাৰ কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি, এন জি অ’ ৰাইটছ যশোৰে ১৫ জন লোকৰ আটাইকেইজনকে আশ্ৰয় প্ৰদান কৰে। এই লোকসকলক পিছত তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে বেনাপোলে ইমিগ্ৰেচন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ইব্ৰাহিম আহমেদে। এইসকল লোক নৰাইল, খুলনা আৰু সাথখিৰা জিলাৰ বিভিন্ন অঞ্চলৰ।

প্ৰায় ডেৰ-দুবছৰ পূৰ্বে দালালে তেওঁলোকক ভাৰতৰ মুম্বাইলৈ লৈ গৈছিল, টকাৰ বিনিময়ত কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তাত উপস্থিত হোৱাৰ লগে লগে দালালে তেওঁলোকক মুম্বাইৰ এটা ৰে’ল ষ্টেচনত এৰি পলাই যায়। ভাৰতীয় ৰে’ল আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। আদালতে এই লোকসকলক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande