টাটাই হ্ৰাস কৰিছে গাড়ীৰ মূল্য
শোণিতপুৰ, ১৯ ছেপ্টেম্বৰ (হি.স.)। টাটা কোম্পানীয়ে হ্ৰাস কৰিছে গাড়ীৰ মূল্য। নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য দিনক দিনে বাঢ়িলেও গাড়ী ক্ৰয় কৰিবলৈ বিচৰা সকলৰ বাবে টাটা মটৰ্চে দিছে সুখৱৰ৷ টাটাৰ প্ৰতিখন গাড়ীৰে মূল্য নিৰ্দিষ্ট সময়ৰ বাবে হ্ৰাস কৰা হৈছে৷ গ্
মহাপ্ৰৱন্ধক ধ্ৰুৱজ্যোতি গোস্বামীয়ে৷


শোণিতপুৰ, ১৯ ছেপ্টেম্বৰ (হি.স.)। টাটা কোম্পানীয়ে হ্ৰাস কৰিছে গাড়ীৰ মূল্য। নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য দিনক দিনে বাঢ়িলেও গাড়ী ক্ৰয় কৰিবলৈ বিচৰা সকলৰ বাবে টাটা মটৰ্চে দিছে সুখৱৰ৷ টাটাৰ প্ৰতিখন গাড়ীৰে মূল্য নিৰ্দিষ্ট সময়ৰ বাবে হ্ৰাস কৰা হৈছে৷

গ্ৰাহকৰ বাবে উৎসৱৰ সময়ৰ উপহাৰ হিচাপেই টাটাই অহা ৩১অক্টোবৰলৈকে হ্ৰাস কৰিছে তেওঁলোকৰ উৎপাদিত গাড়ীৰ মূল্য৷ টিয়াগ’, টিগৰ, এলট্ৰ’জ, নেক্সন, হেৰিয়াৰ, ছাফাৰি আদি সকলো গাড়ীতেই ৩০ হাজাৰ টকাৰ পৰা একলাখ আশী হাজাৰ টকালৈকে মূল্য ৰেহাই দিছে টাটাই ৷ তেজপুৰৰ গৰৈমাৰীস্হিত আশুতোষ মটৰ্চত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে মহাপ্ৰৱন্ধক ধ্ৰুৱজ্যোতি গোস্বামীয়ে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande