সমীৰ কুমাৰক ভাৰতৰ ‘কান্ট্ৰী মেনেজাৰ’ হিচাপে নিযুক্তি আমাজনৰ
নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। । ই-কমাৰ্চ খণ্ডৰ প্ৰসিদ্ধ প্ৰতিষ্ঠান আমাজনে সমীৰ কুমাৰক ভাৰতৰ ‘কান্ট্ৰী মেনেজাৰ’ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। বৰ্তমানৰ ‘কান্ট্ৰী মেনেজাৰ’ মনীষ তিৱাৰীৰ ঠাইত স্হলাভিষিক্ত হ’ব সমীৰ। পহিলা অক্টোবৰৰ পৰা তেওঁ
ই-কমাৰ্চ কোম্পানী আমাজনৰ ফাইল ফটো


নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। । ই-কমাৰ্চ খণ্ডৰ প্ৰসিদ্ধ প্ৰতিষ্ঠান আমাজনে সমীৰ কুমাৰক ভাৰতৰ ‘কান্ট্ৰী মেনেজাৰ’ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। বৰ্তমানৰ ‘কান্ট্ৰী মেনেজাৰ’ মনীষ তিৱাৰীৰ ঠাইত স্হলাভিষিক্ত হ’ব সমীৰ। পহিলা অক্টোবৰৰ পৰা তেওঁ ভাৰতৰ কাৰ্যকৰী দায়িত্ব গ্ৰহণ কৰিব।

শীৰ্ষ নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত তথ্য দি কোম্পানীটোৱে বুধবাৰে কয় যে সমীৰ কুমাৰক ভাৰতৰ ‘কান্ট্ৰী মেনেজাৰ’ হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ বৰ্তমানৰ ‘কান্ট্ৰী মেনেজাৰ’ মনীষ তিৱাৰীয়ে পদত্যাগ কৰাৰ পিছতে কোম্পানীটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আমাজনে জানিবলৈ দিয়ে। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত কুমাৰে মনীষ তিৱাৰীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।

আমাজনৰ জ্যেষ্ঠ উপ-সভাপতি অমিত আগৰৱালাই আভ্যন্তৰীণ ইমেইলযোগে কয় যে ২৫ বছৰীয়া অভিজ্ঞতা থকা সমীৰ কুমাৰে এতিয়া কোম্পানীটোৰ ইণ্ডিয়া কনজিউমাৰ ব্যৱসায় চোৱাচিতা কৰিব কাৰণ আমাজন ইণ্ডিয়াৰ বৰ্তমানৰ ‘কান্ট্ৰী মেনেজাৰ’ মনীষ তিৱাৰীয়ে আমাজনৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ স্হানত সমীৰ কুমাৰে এই সুযোগ অন্বেষণ কৰাৰ সিদ্ধান্ত লৈছে। ১ অক্টোবৰৰ পৰা তেওঁ ভাৰতত নিজৰ কাৰ্যকৰী দায়িত্ব গ্ৰহণ কৰিব। ১৯৯৯ চনত আমাজনত যোগদান কৰিছিল কুমাৰে। ২০১৩ চনত Amazon.in ৰ পৰিকল্পনা আৰু মুকলি কৰা মূল দলটোৰ অংশ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande