ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ ভিয়েটনামঃ ৰাষ্ট্ৰপতি মুৰ্মু
নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ভৱনৰ মতে, বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভিয়েটনাম ভাৰতৰ এক্ট ই
চিন-মুৰ্মু


নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

ৰাষ্ট্ৰপতি ভৱনৰ মতে, বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভিয়েটনাম ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ আৰু আমাৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ। তেওঁ কয় যে আমাৰ সম্পৰ্কসমূহ ঘনিষ্ঠ সাংস্কৃতিক, ঐতিহাসিক আৰু সভ্যতাৰ সম্পৰ্কৰ সুদৃঢ় ভেটিৰ ওপৰত গঢ় লৈ উঠিছে আৰু পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ দ্বাৰা চিহ্নিত কৰা হৈছে। ইয়াৰ পূৰ্বে আজি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৃথকে পৃথকে সাক্ষাৎ কৰে।

দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত দুয়োখন দেশৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক সম্প্ৰসাৰণৰ বাবে ব্যাপক আলোচনা অনুষ্ঠিত হয়। ইয়াত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিন ৩০ জুলাইৰ পৰা ১ আগষ্টলৈ ভাৰত ভ্ৰমণত আছে ।

হিন্দুস্থান সমাচাৰ/ সুশীল কুমাৰ

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande