লখিমপুৰ ৩০ জুলাই (হি.স.): লখিমপুৰত লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত হৈছে ।পৰিকীয়া প্ৰেমৰ চৰম পৰিণতিত এজনৰ প্ৰাণনাশ হয়। লখিমপুৰত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু এগৰাকী মহিলাৰে পৰকীয়া প্ৰেমৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।
লখিমপুৰ জিলাৰ লীলাবস্তীৰ ভানুবস্তীত সংঘটিত হৈছে এই নৃসংশ হত্যা কাণ্ড । ৰাজু ধানুৱাৰ নামৰ এজন ব্যক্তিক হত্যা কৰি পেলাই দিয়ে পানী খোৱা কুৱাত।
একেখন গাঁৱৰে এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে হত্যা কাণ্ড সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই হত্যা কাণ্ডৰ অভিযোগ উঠিছে । ৰাজু ধানুৱাৰ পত্নীৰ লগত অবৈধ প্ৰেমৰ কাৰণে হত্যা কাণ্ড সংঘটিত হয় বুলি ৰাইজে জানিব দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া