আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে কয়, এয়া সময় নতুন প্ৰজন্মক শিখা গতাই দিয়াৰ
ৱাশ্বিংটন, ২৫ জুলাই (হি.স.)। বছৰৰ শেষৰ ফালে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি অহা ৰাষ্ট্ৰপতি জো বাইডেনে দেশৰ সন্মুখত দিয়া ভাষণত আৱেগিক যেন দেখা গৈছে। তেওঁ কয় যে আমেৰিকাৰ ধাৰণা ‘আপোনাৰ হাতত’। নিজৰ অভিযানৰ সামৰণি মাৰি বা
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন


ৱাশ্বিংটন, ২৫ জুলাই (হি.স.)। বছৰৰ শেষৰ ফালে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি অহা ৰাষ্ট্ৰপতি জো বাইডেনে দেশৰ সন্মুখত দিয়া ভাষণত আৱেগিক যেন দেখা গৈছে। তেওঁ কয় যে আমেৰিকাৰ ধাৰণা ‘আপোনাৰ হাতত’। নিজৰ অভিযানৰ সামৰণি মাৰি বাইডেনে অ’ভেল অফিচৰ ভাষণত কয় যে নতুন প্ৰজন্মৰ হাতত শিখা অৰ্পন কৰাৰ সময় আহি পৰিছে।

বুধবাৰে অ’ভেল অফিচৰ পৰা দিয়া ভাষণত বাইডেনে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক প্ৰশংসা কৰে। কাৰণ এতিয়া নতুন কণ্ঠ, সতেজ কণ্ঠ, বিশেষকৈ যুৱ কণ্ঠক সুযোগ দিয়াৰ সময় আহি পৰিছে। কালি হিউষ্টনত অনুষ্ঠিত হোৱা আমেৰিকান ফেডাৰেচন অৱ টিচাৰ্ছ সন্মিলনত ৰাতিটো কটোৱাৰ পিছত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে যোগাযোগ চেনেলৰ জৰিয়তে তেওঁৰ ভাষণ চাইছিল আৰু শুনিছিল।

হিন্দুস্থান সমাচাৰ / মুকুণ্ড

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande