‘গোলমাল’ নামৰ কমেডী ছবিখনৰ নাম শুনিও কোনেও হাঁহি বন্ধ কৰিব নোৱাৰে। গোলমাল ছবিখনৰ ছিকুৱেলে দৰ্শকক বহুত মনোৰঞ্জন দিছিল। এই ছবিখনৰ চাৰিটা অংশ এই পৰ্যন্ত মুক্তি পাইছে। ছবিখনৰ অপৰিসীম সফলতাৰ পিছত দৰ্শকে ইয়াৰ আগন্তুক কিস্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। শেহতীয়াকৈ ৰোহিত শ্বেট্টীয়ে ছবিখনৰ ছিকুৱেলৰ বিষয়ে ডাঙৰ ডাঙৰ তথ্য দিছে।
ৰোহিত শ্বেট্টীয়ে দিয়া এক সাক্ষাৎকাৰত প্ৰকাশ পাইছে গোলমালৰ ছিকুৱেল। ৰোহিত শ্বেট্টীয়ে ক’লে, ‘এতিয়াও সময় আছে। গোলমালৰ ছিকুৱেল আহি থাকিব। এনেকুৱা নহ’ব যে ছবিখন নিৰ্মাণ নহ’ব। কিন্তু কিছু সময় লাগিব। গোলমাল হওক বা কপ ইউনিভাৰ্ছ, মোৰ হৃদয়ৰ বহুত ওচৰত।
আচলতে ৰোহিত শ্বেট্টীয়েও তেওঁৰ অনুৰাগীসকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ অতি সোনকালে ২০০৮ চনত মুক্তি পোৱা গোলমাল ৰিটাৰ্ণছৰ ছিকুৱেল ‘গোলমাল ৫’ লৈ ঘূৰি আহিব। ছবিখনত অভিনয় কৰিছে ৰোহিত শ্বেট্টীয়ে অজয় দেৱগন, আৰ্শ্বদ ৱাৰছী, কৰীনা কাপুৰ আৰু তুষাৰ কাপুৰৰ সৈতে।
২০০৬ চনত মুক্তি লাভ কৰিছিল ৰোহিত শ্বেট্টীৰ প্ৰথমখন ছবি গোলমাল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শৰ্মান যোশী, তুষাৰ কাপুৰ, আৰ্শ্বদ ৱাৰ্ছি আৰু অজয় দেৱগনে। ইয়াৰ পিছত ৰোহিত শ্বেট্টীৰ চাৰিখন ছবি যেনে ‘গোলমাল ৰিটাৰ্নছ’, ‘গোলমাল ৩’ আৰু ‘গোলমাল এগেইন’ মুক্তি লাভ কৰে। এতিয়া কেৱল অনুৰাগীয়েই নহয় ছবিখনৰ সকলো অভিনেতাইও আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰি আছে।
হিন্দুস্থান সমাচাৰ/ লোকেশ চন্দ্ৰ ডুবে
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া