দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ, ১৩খন ৰাজ্যৰ ৮৮খন আসনত ভোটদান
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত শুকুৰবাৰে পুৱা ০৭ বজাৰ পৰা দেশৰ ১
ভোট


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত শুকুৰবাৰে পুৱা ০৭ বজাৰ পৰা দেশৰ ১৩খন ৰাজ্যৰ ৮৮খন আসনত ভোটদান আৰম্ভ হয়। সন্ধিয়া ৬ বজালৈকে ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটকেন্দ্ৰৰ বাহিৰত দেখা গৈছে ভোটাৰৰ শাৰী। শান্তিপূৰ্ণ ভোটদান নিশ্চিত কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১৩খন ৰাজ্যৰ ভোটাৰে ৮৮খন আসনত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এই পৰ্যায়ত ভোটগ্ৰহণ চলি থকা ৮৮খন আসনৰ ভিতৰত বিজেপিৰ ৫২খন আৰু কংগ্ৰেছৰ ২২খন আসন আছে। আজি দ্বিতীয় পৰ্যায়ত ভোটদান চলি থকা ১৩ খন ৰাজ্যত কেৰেলাৰ ২০ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ ৮-৮, মধ্য প্ৰদেশত ৬ খন, অসম-বিহাৰৰ ৫-৫ খনকৈ, ছত্তীশগড় আৰু বংগত ৩খনকৈ আৰু মণিপুৰ, ত্ৰিপুৰা তথা জম্মু-কাশ্মীৰত এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

দ্বিতীয় পৰ্যায়ত বিজেপিৰ হেমা মালিনী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু ৰাজীৱ চন্দ্ৰশেখৰ, অৰুণ গোভিল, কংগ্ৰেছৰ ৰাহুল গান্ধী, ভূপেশ বাঘেল, কে চি বেনুগোপাল, শশীকে ধৰি বহু ৰাজনৈতিক জ্যেষ্ঠ নেতা নিৰ্বাচনী দৌৰত চামিল হৈছে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত ১০২খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ


 rajesh pande