লোকসভা নিৰ্বাচনঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
গুৱাহাটী, ০৭মে’(হি.স.)। চলিত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি ৭মে’ মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠি
ভোট


গুৱাহাটী, ০৭মে’(হি.স.)। চলিত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি ৭মে’ মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে। পুৱা সাত বজাৰ পৰাই আৰম্ভ হয় এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। অসমৰ চাৰিটা সমষ্টিৰ লগতে দেশজুৰি ৯৫টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। দেশৰ ১০ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত এই ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচনী আয়োগ তৎপৰ হৈ পৰিছে আৰু ইতিমধ্যে ভোটগ্ৰহণকাৰী বিষয়া তথা কৰ্মীসকলে ভোটদান কেন্দ্ৰত হাজিৰ হৈছেগৈ।

উল্লেখ্য যে অসমত তৃতীয় তথা অন্তিম পৰ্যায়ত ৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে । অসমত ইতিমধ্যে ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত ১০ খন আসনৰ বাবে ভোটগ্ৰহণ সম্পন্ন হৈছে। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হৈছে। অসমৰ ৪ খন আসনৰ উপৰিও বিহাৰত ৫খন আসন, ছত্তীশগড়ত ৭খন, কৰ্ণাটকত ১৪খন, মধ্যপ্ৰদেশত ৯খন, মহাৰাষ্ট্ৰত ১১খন আসন, উত্তৰ প্ৰদেশত ১০খন, পশ্চিমবংগত ৪খন, গুজৰাটত ২৫খন, গোৱাত ২খন আসন আৰু জম্মুকাশ্মীৰত ২খন আৰু দাদৰ আৰু নগৰ হাভেলী আৰু ডিউত ২খন আসনৰ বাবে আৰম্ভ হৈছে ভোটযুদ্ধ। এই পৰ্যায়ত মধ্যপ্ৰদেশৰ বেতুল লোকসভা আসনখনৰো ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। যোৱা ২৬ এপ্ৰিলত মধ্যপ্ৰদেশৰ বেতুল লোকসভা আসন খনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব লগা আছিল যদিও বিএছপি প্ৰাৰ্থী অশোক ভালৱীৰ মৃত্যুৰ বাবে এই আসনখনৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছিল। এতিয়া এই সমষ্টিটোৰ ভোটদান তৃতীয় পৰ্যায়ত অৰ্থাৎ ০৭ মে’ত অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মন কৰিবলগীয়া যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন শাসকীয় বিজেপিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ এইটো পৰ্যায়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ ২৬ টা সমষ্টিৰ ২৫টাতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ১৯৯৫ চনৰে পৰা তিনিটা দশক ধৰি গুজৰাট বিধানসভা বিজেপিৰ দখলত আছে। ৰাজ্যখনৰ ২৬টা সমষ্টিৰ এটা তথা ছুৰাট সমষ্টিত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে। ছুৰাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী মুকেশ দালাল বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।

আনহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বহু কেইগৰাকী হেভীৱেইট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। হেভীৱেইট প্ৰাৰ্থীৰ ভিতৰত আছে গুজৰাটৰ আহমেদাবাদৰ বিজেপি প্ৰাৰ্থী হসমুখভাই পেটেল। মধ্যপ্ৰদেশতে আছে বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থী। ৰাজ্যখনৰ গুণা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ হেভীৱেট প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে ভাগ্য নিৰ্ণয় হ’ব বিদৰ্ভ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। লগতে ভাগ্য নিৰ্ণয় হ’ব ৰাজ্যখনৰ ৰাজগড় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগ্বিজয় সিং, ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশোক শৰ্মা।

একেদৰে হেভীৱেইট প্ৰাৰ্থীৰ তালিকাত চৰ্চাত থকা প্ৰাৰ্থীৰ ভিতৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব দক্ষিণ গোৱাৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী ডেম্প’, কৰ্ণাটকৰ ধাৰৱাড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰহ্লাদ যোশী, উত্তৰ প্ৰদেশৰ মেইনপুৰী সমষ্টিৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী তথা অখিলেশ পত্নী ডিম্পল যাদৱৰ। ভাগ্য নিৰ্ণয় হ’ব পশ্চিমবংগৰ বেৰহামৰপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হেভীৱেইট প্ৰাৰ্থী এনচিপিৰ সুপ্ৰিয়া চুলেৰ। একেদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হেভীৱেইট প্ৰাৰ্থী হিচাপে অসমৰ ধুবুৰী সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ নামো চৰ্চাত আছে। অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰ ২০০৯ চনৰ পৰাই ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বদৰুদ্দিন আজমলক এইবাৰ প্ৰৱল প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে। ধুবুৰী লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনক প্ৰাৰ্থীৰূপে থিয় কৰাইছে।

উল্লেখ্য যে অসমত লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা আৰু লক্ষিমপুৰকে ধৰি অসমৰ ৫ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয় । প্রথম পর্যায়ৰ ৫ টা সমষ্টিত মুঠ ৩৫ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ইফালে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত ভোটগ্ৰহণ কৰা হৈছে। এই ৫সমষ্টিৰ বাবে মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ৫৯ জন পুৰুষ আৰু দুগৰাকী মহিলা প্ৰাৰ্থী। আনহাতে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪৭ জন, ইয়াৰে ৪১ জন পুৰুষ আৰু ৬ জন মহিলা।

উল্লেখ্য যে দেশৰ পঞ্চদশ লোকসভা নিৰ্বাচন ৭টা পৰ্যায়ত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত ইতিমধ্যে ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১ খন ৰাজ্যত ১০২ আসন আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৮৮ খন আসনৰ বাবে ভোট গ্ৰহণ সম্পন্ন হৈছে। সাতোটা পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ পাছত ৪ জুনত কৰা হ’ব ভোটগণনা। চলিত লোকসভাৰ কাৰ্যকাল ১৬ জুনত শেষ হ’ব। তাৰ আগতে নতুন লোকসভা গঠন কৰিব লাগিব। যোৱাবাৰ (২০১৯) ১০ মাৰ্চত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’ৰ ভিতৰত সাতটা পৰ্যায়ত ভোটদান হৈছিল। আনহাতে ২৩ মে’ত কৰা হৈছিল ভোটগণনা।

হিন্দুস্থান সমাচাৰ/মনোজ


 rajesh pande