আজি মৰেনাত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী প্ৰচাৰ
ভূপাল, ২৫ এপ্ৰিল (হি.স.)। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে মৰেনা জিলাত প্ৰধানমন্ত্ৰী নৰেন
মোডী


ভূপাল, ২৫ এপ্ৰিল (হি.স.)। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে মৰেনা জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ভাষণ দিব।

বিজেপিৰ ৰাজ্যিক সংবাদ মাধ্যমৰ প্ৰভাৰী আশীষ আগৰৱালাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা ১০.৩০ বজাত বিশেষ বিমানেৰে গোৱালিয়ৰ বিমানবন্দৰত উপস্থিত হ’ব আৰু ইয়াৰ পৰা পুৱা ১১ বজাত হেলিকপ্টাৰেৰে মৰেনাত উপস্থিত হ’ব। মৰেনাৰ পুলিচ পেৰেড খেলপথাৰত বিজেপি প্ৰাৰ্থী শিৱমংগল সিং টোমাৰৰ সপক্ষে নিৰ্বাচনী সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী মোহন যাদৱ।

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে কটকটীয়া ব্যৱস্থা কৰা হৈছে। হেলিপেডৰ পৰা ৰাজহুৱা সভাস্থলীলৈ মোতায়েন কৰা হৈছে আৰক্ষীক।

হিন্দুস্থান সমাচাৰ/মুকেশ/মনোজ


 rajesh pande