বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰান্তীয় প্ৰচাৰ প্ৰমুখ, অভিলেখাগাৰ আৰু কাৰ্যালয় প্ৰমুখৰ দুদিনীয়া বৈঠক সম্পন্ন
গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.) : গুৱাহাটীৰ অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষে
বিদ্য়া ভাৰতী


গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.) : গুৱাহাটীৰ অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ কাৰ্যালয় প্ৰমুখ, প্ৰচাৰ প্ৰমুখ আৰু অভিলেখাগাৰ প্ৰমুখসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হৈ যায়।

আজি মঙলবাৰ গুৱাহাটীত উত্তৰ অসম, প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটে গোস্বামীয়ে জানিবলৈ দিয়া মতে, ২১ এপ্ৰিলৰ উদ্বোধনী সত্ৰত বন্তি প্ৰজ্বলনৰ পাছত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰীয়ে প্ৰাস্তাৱিক ভাষণ প্ৰদান কৰে। অনলাইনযোগে উদ্বোধনী ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় মহামন্ত্ৰী অবনীশ ভাটনগৰে।

দুয়োটা দিনতে মুঠ সাতটা সত্ৰত বিভক্ত বিভিন্ন বিষয়ৰ ওপৰত আয়োজিত বৈঠকৰ প্ৰথম সত্ৰত অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় শিৱসাগৰৰ উপাচাৰ্য ড০ দেবব্ৰত দাসে পৰিচালনা নীতি সম্বন্ধে, দ্বিতীয় সত্ৰত ক্ৰমে বিকাশ নাগপুৰীয়াই কাৰ্যালয় সম্বন্ধে, বিকাশ শৰ্মাই প্ৰচাৰ বিভাগ, ভূষণ গোস্বামীয়ে অভিলেখাগাৰ, তৃতীয় সত্ৰত বিদ্যা ভাৰতী উত্তৰ অসমৰ সংগঠন মন্ত্ৰী নীৰৱ ঘেলানীয়ে, চতুৰ্থ সত্ৰত যোগেন্দ্ৰ সিং সিসোদিয়া, পঞ্চম সত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ ড০ সুনীল মহান্তীয়ে প্ৰচাৰ কাৰ্যত কাৰ্যালয় প্ৰমুখসকলৰ ভূমিকা সম্পৰ্কে, কোম্পানী চেক্ৰেটাৰী ইন্দ্ৰ চাপাগাই কাৰ্যালয়ৰ নথি-পত্ৰ ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত তথা সপ্তম সত্ৰত ডিজিটেলাইজেচন সন্দৰ্ভত ক্ষেত্ৰীয় প্ৰচাৰ প্ৰমুখ বিকাশ শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে।

সামৰণি সত্ৰত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰীয়ে অংশগ্ৰহণকাৰীসকলৰ পৰা বৈঠকৰ অভিজ্ঞতাৰ বুজ লয়। লগতে তেওঁ সকলোকে নিজৰ শিক্ষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনায় যাতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ সফলতাৰে মুখামুখি হ’ব পাৰে। লগতে সকলো অৰ্থনৈতিক বিষয়ত স্বচ্ছতা বজাই ৰাখিবলৈ আৰু কাৰ্যলয়ৰ সকলো যাৱতীয় কাগজ-পত্ৰ সময়ে সময়ে আপডেট কৰিবলৈ আহ্বান জনায়।

প্ৰশিক্ষণ কাৰ্যসূচীত শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, অসম প্ৰকাশন ভাৰতীৰ সচিব দিপাংকৰ বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ কেইবাগৰাকী কৰ্মী উপস্থিত থাকে।

বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ কাৰ্যালয় সচিব লালজী সোণাৰীৰ পৰিচালনাত আয়োজিত এই দুদিনীয়া বৈঠক ২২ এপ্ৰিলৰ সন্ধিয়া ৫.০০ বজাত ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰে।

হিন্দুস্থান সমাচাৰ / সমীপ/মনোজ/অৰবিন্দ


 rajesh pande