ৰূপহীহাটৰ কাঞ্চনপুৰত ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণত আহত ৪ জন
নগাঁও, ০৪ মে’ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ কাঞ্চনপুৰত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ড্
ৰূপহীহাটৰ কাঞ্চনপুৰত ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণত আহত ৪ জন


নগাঁও, ০৪ মে’ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ কাঞ্চনপুৰত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণত আহত হয় চাৰিজনকৈ লোক।

অভিযোগ অনুসৰি নাজিমুল ইছলাম নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিন ধৰি চলি আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ।ড্ৰাগছ ব্যাৱসায়ত বাধা দিয়াৰ বাবেই আক্ৰমণ কৰাৰ অভিযোগ জহিৰুল ইছলাম, নাজিমুল ইছলামৰ বিৰূদ্ধে। ড্ৰাগছ ব্যাৱসায়ীৰ আক্ৰমণত আহত হোৱা লোক চাৰিজন ক্ৰমে মতিবুৰ ৰহমান, হবিবুৰ ৰহমান, ৰেজাউল কৰিম, বাবলু। এই ঘৰখনৰ পৰা পুৰ্বেও ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহত ঠেলি দিয়া লোককেইজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে লোকসকলে । ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভূক্তভোগীসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande