ইজৰাইলৰ সামৰিক চোৰাংচোৱা বিভাগৰ মুৰব্বী আহাৰন হালিভাৰ পদত্যাগ
টেল আভিভ, ২২ এপ্ৰিল (হি.স.)। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সৈতে জ
টুইট


টেল আভিভ, ২২ এপ্ৰিল (হি.স.)। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সৈতে জড়িত চোৰাংচোৱা বাহিনীৰ মুৰব্বীয়ে পদৰ পৰা পদত্যাগ কৰিছে। ইজৰাইলৰ সামৰিক চোৰাংচোৱা বিভাগৰ মুৰব্বী আহাৰন হালিভাই হৈছে এই আক্ৰমণৰ বিফলতাক লৈ পদত্যাগ কৰা ইজৰাইলৰ প্ৰথমজন জ্যেষ্ঠ বিষয়া।

ইজৰাইলৰ সামৰিক চোৰাংচোৱা বিভাগৰ মুৰব্বী আহাৰন হালিভাৰ পদত্যাগৰ তথ্য আইডিএফে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। অক্টোবৰ মাহত হালেইৱাই কৈছিল যে সেই আক্ৰমণ বন্ধ কৰিব নোৱাৰাৰ দায়িত্ব তেওঁ লৈছিল।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande