অহা সপ্তাহত চীন ভ্ৰমণ কৰিব আমেৰিকাৰ বিদেশ মন্ত্ৰী, এবছৰৰ ভিতৰত দ্বিতীয়বাৰলৈ ভ্ৰমণ
ৱাশ্বিংটন, ২১ এপ্ৰিল (হি.স.)। আমেৰিকা আৰু চীনৰ মাজত উত্তেজনাময় সম্পৰ্কৰ মাজতে পুনৰ বন্ধুত্বৰ গুণগুণন
আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন


ৱাশ্বিংটন, ২১ এপ্ৰিল (হি.স.)। আমেৰিকা আৰু চীনৰ মাজত উত্তেজনাময় সম্পৰ্কৰ মাজতে পুনৰ বন্ধুত্বৰ গুণগুণনি দেখা গৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে তিনিদিনৰ বাবে চীন ভ্ৰমণ কৰিবলৈ ওলাইছে। ব্লিংকেনৰ এই ভ্ৰমণ ২৪ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈকে হ’ব।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ ব্লিংকেনে চীন ভ্ৰমণ কৰিব। ষ্টেট ডিপাৰ্টমেণ্টে জনোৱা মতে, ব্লিংকেনে চাংহাই আৰু বেইজিঙত চীনৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। এই সময়ছোৱাত মধ্যপ্ৰাচ্যৰ সংকট, ইউক্ৰেইন-ৰাছিয়া যুদ্ধ আৰু দক্ষিণ চীন সাগৰৰ ওপৰতো আলোচনা হ’ব।

বিশেষ কথাটো হ’ল এবছৰৰ ভিতৰত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ব্লিংকেনে চীন ভ্ৰমণৰ দ্বিতীয়টো হ’ব। যোৱা বছৰৰ জুন মাহত তেওঁ বেইজিং ভ্ৰমণ কৰিছিল আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিছিল। মধ্যপ্ৰাচ্যৰ শেহতীয়া সংঘাত আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত সকলোৰে দৃষ্টি থাকিব ব্লিংকেনৰ চীন ভ্ৰমণৰ ওপৰত। যোৱা কেইবছৰমানৰ পৰা আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্কৰ ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ


 rajesh pande