২০২৩-২৪ বিত্তীয় বৰ্ষত ১৮ শতাংশ বৃদ্ধিৰে ১৯.৫৮ লাখ কোটি টকা প্ৰত্যক্ষ কৰ সংগ্ৰহ
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ বৃদ্ধি পাইছে। ৩১ মাৰ্চত সমাপ্ত হোৱা ২০২৩-৩৪
আয়কৰ


নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ বৃদ্ধি পাইছে। ৩১ মাৰ্চত সমাপ্ত হোৱা ২০২৩-৩৪ বিত্তীয় বৰ্ষত নিকা প্ৰত্যক্ষ কৰ সংগ্ৰহ বাৰ্ষিক ভিত্তিত ১৭.৭ শতাংশ বৃদ্ধি পাই ১৯.৫৮ কোটি টকা হৈছেগৈ। বিগত বিত্তীয় বৰ্ষত এই ধনৰাশি আছিল ১৬.৬৪ লাখ কোটি টকা।

দেওবাৰে জাৰি কৰা এক বিবৃতিত বিত্ত মন্ত্ৰালয়ে কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত নিকা প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ বাৰ্ষিক ভিত্তিত ১৭.৭ শতাংশ বৃদ্ধি পাই ১৯.৫৮ কোটি টকা হৈছে। এই পৰিমাণ সংশোধিত অনুমানতকৈ বহু বেছি। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত আয়কৰ আৰু কৰ্পৰেট কৰ সংগ্ৰহ বাজেটৰ হিচাপতকৈ ১.৩৫ লাখ কোটি (৭.৪০ শতাংশ) আৰু সংশোধিত হিচাপতকৈ ১৩ হাজাৰ কোটি টকা অধিক। প্ৰত্যক্ষ কৰ সংগ্ৰহৰ ক্ষেত্ৰত ইয়াৰ সৰ্বাধিক অংশ।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ তথ্য উদ্ধৃতি দি মন্ত্ৰালয়ে কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহ (অস্থায়ী) ১৮.৪৮ শতাংশ বৃদ্ধি পাই ২৩.৩৭ লাখ কোটি টকা হৈছে। ৰিফাণ্ডৰ পিছত নিকা আয় ১৭.৭ শতাংশ বৃদ্ধি পাই ১৯.৫৮ লাখ কোটি টকা হৈছে। চিবিডিটিয়ে জনোৱা মতে, ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৩.৭৯ লাখ কোটি টকা ঘূৰাই দিয়া হৈছে। মন্ত্ৰালয়ৰ মতে, অস্থায়ী প্ৰত্যক্ষ কৰ সংগ্ৰহ (ৰিফাণ্ডৰ বাহিৰে) বাজেট অনুমানতকৈ ৭.৪০ শতাংশ আৰু সংশোধিত অনুমানতকৈ ০.৬৭ শতাংশ বেছি।

তথ্য অনুসৰি এই সময়ছোৱাত ৰিফাণ্ডৰ সমন্বয়ৰ পূৰ্বে প্ৰত্যক্ষ কৰসমূহৰ মুঠ সংগ্ৰহ (অস্থায়ী) ২৩.৩৭ লাখ কোটি টকা। এই ধনৰাশি ২০২২-২৩ বিত্তীয় বৰ্ষৰ মুঠ সংগ্ৰহ ১৯.৭২ লাখ কোটি টকাৰ তুলনাত ১৮.৪৮ শতাংশ বেছি। একে সময়তে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ কৰ্পৰেট কৰ সংগ্ৰহ (অস্থায়ী) ১৩.০৬ শতাংশ বৃদ্ধি পাই ১১.৩২ লাখ কোটি টকা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষত ১০ লাখ কোটি টকা আছিল।

চিবিডিটিৰ তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত নিকা কৰ্পৰেট কৰ সংগ্ৰহ (অস্থায়ী) ৯.১১ লাখ কোটি টকা, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ ৮.২৬ লাখ কোটি টকাতকৈ ১০.২৬ শতাংশ অধিক। একে সময়তে এই সময়ছোৱাত ছিকিউৰিটিজ লেনদেন কৰ (অস্থায়ী)কে ধৰি মুঠ ব্যক্তিগত আয়কৰ সংগ্ৰহ ১২.০১ লাখ কোটি টকা, যিটো যোৱা বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৯.৬৭ লাখ কোটি টকাৰ তুলনাত ২৪.২৬ শতাংশ বেছি।

এই সময়ছোৱাত এছটিটি (অস্থায়ী)কে ধৰি নিকা ব্যক্তিগত আয়কৰ সংগ্ৰহৰ পৰিমাণ ১০.৪৪ লাখ কোটি টকা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ ৮.৩৩ লাখ কোটি টকাতকৈ ২৫.২৩ শতাংশ অধিক। চিবিডিটিয়ে জনোৱা মতে, ২০২৩-২৪ বিত্তীয় বৰ্ষত ৩.৭৯ লাখ কোটি টকাৰ ৰিফাণ্ড জাৰি কৰা হৈছে, যিটো ২০২২-২৩ বিত্তীয় বৰ্ষত ৩.০৯ লাখ কোটি টকাৰ ৰিফাণ্ডতকৈ ২২.৭৪ শতাংশ বেছি।

উল্লেখযোগ্য যে ২০২৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই বিত্তীয় বৰ্ষৰ কৰ সংগ্ৰহৰ পৰিমাণ ১৮.২৩ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল, যিটো পৰৱৰ্তী সময়ত সংশোধন কৰি ১৯.৪৫ লাখ কোটি টকা কৰা হৈছিল। প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিসংখ্যাই অৰ্থনীতিৰ উত্থান আৰু ব্যক্তি আৰু কৰ্পৰেটৰ আয় বৃদ্ধিৰ প্ৰতিফলন ঘটায়।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ


 rajesh pande