চৰকাৰৰ পিঁয়াজৰ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ, নতুন হাৰ কাৰ্যকৰী
নতুন দিল্লী, ০৪ মে’ (হি.স.)। পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰপ্তানিৰ ওপৰত ৪০ শতাংশ
পিঁয়াজ


নতুন দিল্লী, ০৪ মে’ (হি.স.)। পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰিছে। ২০২৫ চনৰ ৩১ মাৰ্চলৈকে থলুৱা বুতৰ আমদানিৰ ওপৰত শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ লগতে ২০২৪ চনৰ ৩১ অক্টোবৰ বা তাৰ আগতে জাৰি কৰা ‘বিল অৱ এণ্ট্ৰি’ৰ জৰিয়তে হালধীয়া মটৰৰ আমদানিৰ ওপৰত শুল্ক ৰেহাইও বৃদ্ধি কৰা হৈছে।

বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে প্ৰকাশ কৰিছে যে এই সকলোবোৰ পৰিৱৰ্তন অহা ৪ মে’ৰ পৰা কাৰ্যকৰী হ’ব। বৰ্তমান পিয়াঁজ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে নিজৰ বন্ধু দেশলৈ পিয়াঁজ ৰপ্তানিৰ অনুমতি দি আহিছে। শেহতীয়াকৈ ইউ এ ই, বাংলাদেশকে ধৰি ছখন দেশলৈ নিৰ্দিষ্ট পৰিমাণৰ পিঁয়াজ ৰপ্তানিৰ অনুমতি দিয়া হৈছে।

যোৱা বছৰৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ ৩১ ডিছেম্বৰলৈকে পিঁয়াজৰ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ ৰপ্তানি শুল্ক আৰোপ কৰিছিল। কিন্তু ঘৰুৱা বজাৰত পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে ইয়াৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, যিটো এতিয়াও প্ৰযোজ্য হৈ আছে। মন কৰিবলগীয়া যে ‘বিল অৱ এণ্ট্ৰি’ হৈছে এক আইনী নথি যি আমদানিকৃত সামগ্ৰী অহাৰ সময়ত বা আগমনৰ আগতে আমদানিকাৰক বা শুল্ক ক্লিয়াৰেন্স এজেণ্টে দাখিল কৰে।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ


 rajesh pande