ব্ৰাহ্মোছ ক্ৰুজ মিছাইলৰ প্ৰথম খেপ লৈ ফিলিপাইনছত উপস্থিত চি-১৭ গ্ল'বমাষ্টাৰ
- ফিলিপাইনছে ২০২২ চনত ভাৰতৰ সৈতে ৩৭৪ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ চুক্তি কৰিছিল - ভাৰতৰ পৰা এএলএইচ
ব্ৰাহ্মোছ


- ফিলিপাইনছে ২০২২ চনত ভাৰতৰ সৈতে ৩৭৪ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ চুক্তি কৰিছিল

- ভাৰতৰ পৰা এএলএইচ, আকাশ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ

নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.) । ভাৰত আৰু ফিলিপাইনছৰ দ্বিপাক্ষিক কৌশলগত সম্পৰ্কৰ বাবে আজি এক ঐতিহাসিক দিনত পৰিণত হৈছে, কিয়নো বিশ্বৰ দ্ৰুততম ক্ৰুজ মিছাইল ব্ৰাহ্ম’ছৰ প্ৰথমটো খেপ ভাৰতৰ পৰা ফিলিপাইনছত উপস্থিত হৈছে। ২০২২ চনত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত চুক্তিৰ অধীনত ভাৰতীয় বায়ুসেনাৰ শক্তিশালী চি-১৭ গ্ল’বমাষ্টাৰ বিমানখনে প্ৰথমটো খেল লৈ হিন্দন বায়ুসেনাৰ পৰা উৰা মাৰিছিল। ফিলিপাইনছৰ বায়ুসেনাৰ ক্লাৰ্ক এয়াৰ বেছত অৱতৰণ কৰিছে ভাৰতীয় বিমানখন।

ব্ৰাহ্মোছ এৰ’স্পেচ প্ৰাইভেট লিমিটেডে (বিএপিএল) ২০২২ চনৰ ২৮ জানুৱাৰীত ফিলিপাইনছ ৰিপাব্লিকৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিভাগৰ সৈতে আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কৰিছিল। ভাৰতৰ পৰা ছুপাৰছ’নিক মিছাইল ক্ৰয়ৰ বাবে এইটোৱেই আছিল ৩৭৪ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ আটাইতকৈ ডাঙৰ আৰু প্ৰথম বিদেশী চুক্তি। ভাৰত (ডি আৰ ডি অ’) আৰু ৰাছিয়াৰ যৌথ উদ্যোগত ছুপাৰছ’নিক ক্ৰুজ মিছাইল ব্ৰহমছ প্ৰস্তুত কৰা হৈছে। ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ চুক্তিৰ ওপৰত ভাৰত আৰু ফিলিপাইনছৰ মাজত বছৰ বছৰ ধৰি আলোচনা চলি আছিল। ২০২০ চনৰ ০৩ মাৰ্চত দুয়োখন দেশে এই বৃহৎ প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছিল।

ভাৰতৰ সৈতে এই ক্ষেপণাস্ত্ৰ চুক্তি সম্পূৰ্ণ কৰাৰ পিছত ফিলিপাইনছে নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ লগতে দক্ষিণ চীন সাগৰত চীনৰ সৈতে দশক দশক ধৰি চলি থকা ভূখণ্ডৰ বিবাদৰ সন্মুখীন হ’বলৈ নিজৰ সামৰিক বাহিনীক আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এতিয়া ফিলিপাইনছে নিজৰ যুদ্ধ ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতৰ পৰা এডভান্স লাইট হেলিকপ্টাৰ এটা বেচ ক্ৰয় কৰিছে। থলুৱাভাৱে নিৰ্মিত এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ) ৫.৫ টন লিফ্ট শিতানত টুইন ইঞ্জিন, বহু ভূমিকা, বহু মিছন নতুন প্ৰজন্মৰ হেলিকপ্টাৰ আৰু ইয়াক বিভিন্ন সামৰিক অভিযানৰ বাবে এক ফলপ্ৰসূ মঞ্চ হিচাপে গণ্য কৰা হয়।

দক্ষিণ-পূব এছিয়া অঞ্চলত ফিলিপাইনছ ভাৰতৰ এক প্ৰধান কৌশলগত অংশীদাৰ। যোৱা কেইবছৰমানৰ পৰা বিশেষকৈ সামুদ্ৰিক ক্ষেত্ৰত দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কই গতি লাভ কৰিছে। ফিলিপাইনছ এছ’চিয়েশ্যন অৱ চাউথ ইষ্ট এছিয়ান নেশ্যনছ (আছিয়ান)ৰ মুখ্য সদস্যও, যাৰ সৈতে বিগত দশকত ভাৰতৰ সম্পৰ্ক বহু পৰিমাণে সম্প্ৰসাৰিত হৈছে। ফিলিপাইনছে ভাৰতৰ পৰা আকাশ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ৰয় কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰিছে। থলুৱা সামৰিক হাৰ্ডৱেৰৰ ৰপ্তানি বৃদ্ধিৰ প্ৰচেষ্টাৰ মাজতে আকাশ এয়াৰ ডিফেন্স মিছাইল ব্যৱস্থাই ভাৰতক মহাকাশ জগতত নতুন উচ্চতালৈ লৈ গৈছে।

হিন্দুস্থান সমাচাৰ/সুনীত/মনোজ


 rajesh pande