গুজৰাটত বিজেপিৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী মোদীৰ আজি চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা
নতুন দিল্লী, ০২ মে’ (হি.স.) ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা, তাৰকা প্ৰচাৰক তথা প্ৰধানমন্ত্ৰী নৰেন্দ্
মোডী


নতুন দিল্লী, ০২ মে’ (হি.স.) ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা, তাৰকা প্ৰচাৰক তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটত লোকসভা নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে। দুদিনীয়া ভ্ৰমণৰ দ্বিতীয় দিনা আজি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ চাৰিটা স্থানত ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বিজেপিৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।

বিজেপিৰ এক্স হেণ্ডেল অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত আনন্দত ৰাজহুৱা সভাৰ জৰিয়তে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া এক বজাত সুৰেন্দ্ৰনগৰত দ্বিতীয়খন, বিয়লি ৩.১৫ বজাত জুনাগড়ত তৃতীয়খন আৰু সন্ধিয়া ৫.১৫ বজাত জামনগৰত বিজেপিৰ চতুৰ্থখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব।

উল্লেখযোগ্য যে পহিলা মে’ত গুজৰাটৰ প্ৰতিষ্ঠা দিৱসৰ দিনাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটত তেওঁৰ দুদিনীয়া নিৰ্বাচনী প্ৰচাৰ শুভাৰম্ভ কৰিছিল। দুদিনত ছখন ৰাজহুৱা সভাত ভাষণ দিব। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি বনাসকান্থাত আৰু সাবৰকান্থাত বিজেপিৰ দুখনকৈ বিশাল ৰাজহুৱা সভা সম্বোধন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ ২৬খন লোকসভাৰ আসনৰ ভিতৰত ১৪খন আৰু গুজৰাট বিধানসভাৰ উপ-নিৰ্বাচনৰ ৫খন আসনৰ ভিতৰত ৩খন আসন সামৰি ল’ব।

হিন্দুস্থান সমাচাৰ/মনোজ


 rajesh pande