মৰুভূমিত বৰষুণৰ প্ৰলয়: ইউ এ ইত প্ৰচণ্ড বৰষুণ, ওমানত ১৮ জন লোকৰ মৃত্যু
- ডুবাই বিমানবন্দৰ স্থবিৰ, অহা ২৪ ঘণ্টাৰ ভিতৰত শিলাবৃষ্টিৰ সতৰ্কবাণী ডুবাই, ১৭ এপ্ৰিল (হি.স.)। মৰু
ডুবাই


- ডুবাই বিমানবন্দৰ স্থবিৰ, অহা ২৪ ঘণ্টাৰ ভিতৰত শিলাবৃষ্টিৰ সতৰ্কবাণী

ডুবাই, ১৭ এপ্ৰিল (হি.স.)। মৰুভূমিত পানীৰ বাবে হাহাকাৰ কৰা সকলে এতিয়া পানীত ডুব গৈ মৃত্যুমুখত পৰিছে। মঙলবাৰে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু ইয়াৰ আশে-পাশে থকা দেশসমূহত এনেধৰণৰ ছবিয়েই দেখা গ’ল। ইউ এ ইত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ডাঙৰ ডাঙৰ ঘাইপথৰ কিছু অংশ বানপানীত বুৰ গৈছে আৰু সমগ্ৰ ডুবাইৰ পথত বাহন আবদ্ধ হৈ পৰে। বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (ডিএক্সবি)ত প্ৰায় ২৫ মিনিটৰ বাবে কাম-কাজ বন্ধ হৈ পৰে।

ইফালে চুবুৰীয়া ৰাষ্ট্ৰ ওমানত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পোৱাৰ লগতে আন কেইবাজনো লোক সন্ধানহীন হৈ আছে। আৰব উপদ্বীপৰ এখন দেশ ইউ এ ইত বৰষুণ অস্বাভাৱিক, নিয়মীয়াকৈ বৰষুণৰ অভাৱৰ ফলত বহু পথ আৰু অন্যান্য অঞ্চলত পানী নিষ্কাশন ব্যৱস্থাৰ অভাৱত বানপানীৰ সৃষ্টি হয়। ধাৰাসাৰ বৰষুণৰ বাবে মঙলবাৰে ইউ এ ই প্ৰশাসনে লোকসকলক ঘৰতে থাকিবলৈ অনুৰোধ জনায়। বিদ্যালয়সমূহে অনলাইনযোগে পাঠদানৰ ব্যৱস্থা কৰে। চৰকাৰী কৰ্মচাৰীকো ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছিল। ঘাইপথ আৰু পথৰ পানী আঁতৰোৱাৰ বাবে প্ৰশাসনে প্ৰকাণ্ড প্ৰকাণ্ড পাম্প ব্যৱহাৰ কৰা হৈছে। মঙলবাৰে যেতিয়া ইউ এ ইৰ আকাশত বিজুলী ঢেৰেকনি মাৰিছিল, তেতিয়া কেতিয়াবা বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাৰ শিখৰো স্পৰ্শ কৰিছিল।

ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ডুবাই, আবুধাবি, শ্বাৰজাহ আৰু আন কিছু আমীৰাটৰ বাসিন্দাসকলক আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিৰ বাবে সাৱধান হৈ থাকিবলৈ কয়। ইউ এ ইৰ চুবুৰীয়া দেশ বাহৰেইন, কাটাৰ আৰু চৌদি আৰৱতো যোৱা কিছুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ১৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ১০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাহন এখন বানত উটুৱাই লৈ যায়। বাহৰেইনৰ ৰাজধানী মানামাত ৰাজপথ বানপানীত বুৰ গৈছে। বুধবাৰে কুৱেইট, চৌদি আৰব আৰু ওমানত ঘূৰ্ণীবতাহৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ


 rajesh pande