ইৰাণৰ ইজৰাইলক মিছাইল আৰু ড্ৰ'নেৰে আক্ৰমণ, নেতানিয়াহুৱে কয় - প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু
- নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান তেহৰাণ/তেল আভিভ, ১৪ এপ্ৰিল (হি.স.)। ইৰাণে ইজৰাইললৈ লক্ষ্য কৰি
আক্ৰমণ


- নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান

তেহৰাণ/তেল আভিভ, ১৪ এপ্ৰিল (হি.স.)। ইৰাণে ইজৰাইললৈ লক্ষ্য কৰি দুশৰো অধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে । ইজৰাইলে দাবী কৰিছে যে ইৰাণে নিক্ষেপ কৰা বেছিভাগ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ইজৰাইলৰ প্ৰতিৰক্ষা ব্যৱস্থাই আকাশতে ধ্বংস কৰিছিল। অৱশ্যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ ঘাটিত কিছু ক্ষতি হৈছে। আনহাতে, ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ পিছত ধাৰাবাহিকভাৱে অধিক ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত দেওবাৰে বিয়লি ৪ বজাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জৰুৰী বৈঠক আহ্বান কৰিছে।

ইৰাণে দেওবাৰে পুৱা ১৮০০ কিলোমিটাৰ দূৰত্বৰ ইজৰাইলত ড্ৰোন আৰু মিছাইলৰে ব্যাপক আক্ৰমণ চলায়। ছিৰিয়াত ইৰাণৰ বাণিজ্যিক দূতাবাস (কনছুলেটৰ)ত আক্ৰমণৰ পিছতে এইটো প্ৰতিশোধমূলক ব্যৱস্থা বুলি কোৱা হৈছে। ইৰাণৰ ইছলামিক ৰিভল্যুচন গাৰ্ড কৰ্পছৰ মতে, এয়া লক্ষ্যভিত্তিক আক্ৰমণ।

উল্লেখযোগ্য যে ১ এপ্ৰিলত ছিৰিয়াৰ কনছুলেটত আক্ৰমণৰ পিছত ইৰাণে প্ৰতিশোধৰ কথা কৈছিল। এই আক্ৰমণত এজন শীৰ্ষ সেনাধ্যক্ষকে ধৰি ৭ গৰাকী সেনা বিষয়া নিহত হয়। ইৰাণে এই আক্ৰমণৰ বাবে ইজৰাইলক জগৰীয়া কৰিছিল।

আনহাতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে কয় যে ১০০ৰো অধিক ড্ৰ’ন নিক্ষেপ কৰা হৈছিল আৰু এই সকলো আক্ৰমণ নিষ্ক্ৰিয কৰি দিয়া হৈছে। ইফালে ইজৰাইল, লেবানন আৰু ইৰাকে আকাশমাৰ্গ বন্ধ কৰি দিছে। আনহাতে ছিৰিয়া আৰু জৰ্ডানে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সষ্টম কৰি ৰাখিছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে যুদ্ধ মন্ত্ৰীসভাৰ বৈঠক আহ্বান কৰিছে। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে তেওঁৰ দেশখন যিকোনো পৰিস্থিতিৰ বাবে সাজু, সেয়া প্ৰতিৰক্ষামূলক বা আক্ৰমণাত্মক যিয়েই হওক। নেতানিয়াহুৱে লগতে আমেৰিকাৰ উপৰি ব্ৰিটেইন, ফ্ৰান্স আৰু আন বহু দেশে সহায় কৰাৰ বাবে শলাগ লয়।

ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়েন ৱাটছনে কয় যে ৰাষ্ট্ৰপতি বাইডেনে ইজৰাইলক সুৰক্ষা দিবলৈ দৃঢ়প্ৰতিজ্ঞ। তেওঁ কয় যে আমেৰিকাই সদায় ইজৰাইলৰ জনসাধাৰণৰ সৈতে থিয় দিছে। এই বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হোৱাইট হাউছত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ইৰাণৰ আক্ৰমণক গৰিহণা দি কয় যে ব্ৰিটেইনে ইজৰাইল আৰু ইয়াৰ সকলো আঞ্চলিক অংশীদাৰ দেশৰ নিৰাপত্তাৰ বাবে থিয় দিব।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ


 rajesh pande