প্ৰধানমন্ত্ৰী মোদীৰ গুড ফ্ৰাইডেত যীচু খ্ৰীষ্টৰ বলিদানক স্মৰণ
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে (আজি) গুড ফ্ৰাইডেত যীচু খ্ৰী
মোডী


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে (আজি) গুড ফ্ৰাইডেত যীচু খ্ৰীষ্টৰ বলিদানক স্মৰণ কৰে। লগতে তেওঁৰ মমতা আৰু ক্ষমাৰ শিক্ষাসমূহ সুদৃঢ় হোৱাটো কামনা কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্স-হেণ্ডেল পোষ্টত কয়, ‘আজি গুড ফ্ৰাইডেত আমি যীচু খ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলাইছো। ইয়াৰ পৰা আমি যি কৰুণা আৰু ক্ষমাৰ শিক্ষা শিকিছো, সেয়া অধিক শক্তিশালী হওক।

উল্লেখযোগ্য যে খ্ৰীষ্টান ধৰ্মৰ লোকৰ বাবে গুড ফ্ৰাইডে পবিত্ৰ দিন। এই দিনটোত যীচু খ্ৰীষ্টক ক্ৰুচত দিয়া হৈছিল বুলি বিশ্বাস কৰা হয়। পৃথিৱীত এই দিনটোক হলি ফ্ৰাইডে, গ্ৰেট ফ্ৰাইডে, ব্লেক ফ্ৰাইডে আৰু ইষ্টাৰ ফ্ৰাইডে বুলিও কোৱা হয়।

হিন্দুস্থান সমাচাৰ/মুকুণ্ড/মনোজ


 rajesh pande