সোমবাৰে গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব'
গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ২৯ এপ্ৰিলত এক ভৱ্য ৰোড শ্ব’ত অংশগ্ৰহণ
অমিত শ্বাহ


গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ২৯ এপ্ৰিলত এক ভৱ্য ৰোড শ্ব’ত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীত উপস্থিত হ’ব । গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব শ্বাহে।

এই সময়ছোৱাত শ্বাহে চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ প্ৰায় ২ কিলোমিটাৰ পথত ৰোড শ্ব’ অনুষ্ঠিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৰোড শ্ব’ৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্ত সুমিত সত্তৱনে কিছুমান পথক ন’ ড্ৰ’ন জ’ন, ন’ ফটকা জ’ন আৰু ন’ ফ্লাই জ’ন বুলি ঘোষণা কৰিছে।

ঘোষণা অনুসৰি ৰাজধানীৰ জনপ্ৰিয় গোপীনাথ বৰদেলাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা জালুকবাৰী- মালিগাঁও- চাইকেল ফেক্টৰী তিনিআলি- লাল গণেশলৈ এই পথত এই নিষেধাজ্ঞা অব্যাহত থাকিব।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ


 rajesh pande