বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যত ইডি ব্যৱহাৰ কৰিছেঃ আতিশী
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। আবকাৰী দুৰ্নীতিৰ গোচৰত বৰ্তমান ইডিৰ জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী
আতিশী মাৰলেনা


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। আবকাৰী দুৰ্নীতিৰ গোচৰত বৰ্তমান ইডিৰ জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আম আদমী পাৰ্টিয়ে এই গ্ৰেপ্তাৰ ‘অবৈধ’ বুলি দাবী কৰিছে। শুকুৰবাৰে দিল্লীৰ মন্ত্ৰী তথা এপি নেতা আতিশী মাৰ্লেনাই ইডিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে ইডিয়ে কেজৰিৱালৰ মোবাইল ফোনৰ পৰা লোকসভা নিৰ্বাচনত ইউ পিৰ কৌশলৰ সবিশেষ জানিব বিচাৰিছে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যত ইডি ব্যৱহাৰ কৰিছে।

আতিশীৰ ভাষাত আচলতে ইডিয়ে নহয়, বিজেপিয়ে জানিব বিচাৰে কেজৰিৱালৰ ফোনত কি আছে । কাৰণ এই ফোনত আপৰ লোকসভা নিৰ্বাচনী কৌশল, প্ৰচাৰ পৰিকল্পনা, বিজেপি বিৰোধী মিত্ৰজোঁটৰ নেতাৰ সৈতে হোৱা বিভিন্ন আলোচনাৰ সৈতে জড়িত তথ্য সন্নিবিষ্ট কৰা হৈছে। বিজেপিয়ে সেই সকলো তথ্য জানিব বিচাৰিছে।

হিন্দুস্থান সমাচাৰ/ৰাকেশ/মনোজ


 rajesh pande