ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ পশ্চিম বংগত ৰোড শ্ব'
কলকাতা, ২৯ এপ্ৰিল (হি.স.)। ৰাজস্থানত নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই
ভজনলাল শৰ্মা


কলকাতা, ২৯ এপ্ৰিল (হি.স.)। ৰাজস্থানত নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই পশ্চিমবংগত উপস্থিত হৈছে। সোমবাৰে তেওঁ হুগলী জিলাৰ উত্তৰপাৰাত ৰোড শ্ব’ অনুষ্ঠিত কৰে। ইয়াত বৃহৎ সংখ্যক লোক গোট খাইছিল। ৰোড শ্ব’ৰ সময়ত বৃহৎ সংখ্যক লোকে পথৰ দুয়োকাষে থিয় হৈ আছিল।

ৰোড শ্ব’ৰ সামৰণিৰ পাছত ভজনলাল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে পশ্চিম বংগত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ তুংগত উঠিছে। সন্দেশখালিত কি হৈছিল সমগ্ৰ দেশে দেখিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অপৰাধীক ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে সুৰক্ষা প্ৰদান কৰিছে, কাৰণ তেওঁলোক সংখ্যালঘু সম্প্ৰদায়ৰ আৰু মমতাই নিজৰ ভোট বেংক হেৰুৱাব নিবিচাৰে। তেওঁ কয় যে বংগৰ জনসাধাৰণে সিদ্ধান্ত লৈছে যে ইয়াত ক্ষমতাৰ পৰিৱৰ্তন হ’ব।

ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ৪২খন আসনৰ ভিতৰত কমেও ৩৫খন আসনত বিজেপিয়ে জয়লাভ কৰিব। ৰোড শ্ব’ত সমবেত হোৱা বিপুল জনসমাগম দেখি তেওঁ কয় যে ইয়ালৈ অহা বৃহৎ সংখ্যক লোকে বংগৰ পৰিৱৰ্তনৰ লক্ষণ।

হিন্দুস্থান সমাচাৰ/ওম প্ৰকাশ/মনোজ


 rajesh pande