ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গাজাৰ বাবে যুদ্ধবিৰতিৰ প্ৰস্তাৱ গৃহীত
নিউয়ৰ্ক, ২৬ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে যোৱাকালি এটা প্ৰস্তাৱ গৃহীত কৰি ৰমজান মাহৰ
ৰাফাহ


নিউয়ৰ্ক, ২৬ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে যোৱাকালি এটা প্ৰস্তাৱ গৃহীত কৰি ৰমজান মাহৰ বাবে গাজাত শীঘ্ৰে যুদ্ধবিৰতিৰ আহ্বান জনায়। এই পদক্ষেপে পাঁচ মাহৰ অচলাৱস্থা ভংগ কৰিছে। ইয়াৰ পূৰ্বে আমেৰিকাই যুদ্ধৰ অন্ত পেলোৱাৰ আহ্বানক ভেটো দি আহিছে। ইয়াৰ বাবেই ইজৰাইলৰ সামৰিক আক্ৰমণত মানৱীয় লোকচান বৃদ্ধি পাইছিল। এই প্ৰস্তাৱ ১৪টা ভোটত গৃহীত হয়। আমেৰিকাই ইয়াত অংশগ্ৰহণ কৰা নাছিল।

এই প্ৰস্তাৱত সকলো পণবন্দীক নিঃচৰ্ত আৰু শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনোৱা হৈছে। ইজৰাইল আৰু হামাছে এই আহ্বান গ্ৰহণ কৰে নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই প্ৰস্তাৱ গৃহীত হ’বলৈ অনুমতি দিয়াৰ বাবে আমেৰিকাক সমালোচনা কৰিছে। ইজৰাইলৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ৱাশ্বিংটন ভ্ৰমণ বাতিল কৰিব পাৰে বুলি তেওঁ সকীয়াই দিছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande