প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা এছ শংকৰৰ দ্বাৰা পৰিচালিত এখন ৰাজনৈতিক একচন ছবি ‘গেম চেঞ্জাৰ’। এই ছবিখনৰ কাহিনী লিখিছে কাৰ্তিক সুবৰাজে। এই ছবিখনত কিয়াৰা আদৱানীৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাম চৰণে। দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক ব্যৱস্থাৰ সংস্কাৰৰ বাবে যুঁজ দিয়া আই এ এছ বিষয়া ৰাম চৰণৰ চৰিত্ৰক কেন্দ্ৰ কৰি কাহিনীটো ঘূৰি আছে। এই ছবিখনৰ ট্ৰেইলাৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট ওলাইছে।
ৰাম চৰণ আৰু কিয়াৰা আদৱানীয়ে অভিনীত ছবি ‘গেম চেঞ্জাৰ’ৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। শেহতীয়াকৈ এটা অনুষ্ঠানত প্ৰযোজক দিল ৰাজুৱে ছবিখনৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ আপডেট শ্বেয়াৰ কৰিছিল। ২০২৫ চনৰ ১ জানুৱাৰীত নতুন বছৰৰ আৰম্ভণিতে অনুৰাগীৰ বাবে মুকলি কৰা হ’ব ‘গেম চেঞ্জাৰ’ৰ ট্ৰেইলাৰ। কালি এজন অনুৰাগীয়ে ‘গেম চেঞ্জাৰ’ৰ ট্ৰেইলাৰ এতিয়াও মুক্তি নাপালে নিজৰ জীৱন শেষ হোৱাৰ ভাবুকি দিছিল। সেয়ে কোৱা হৈছিল যে ‘গেম চেঞ্জাৰ’ ছবিখনৰ নিৰ্মাতাসকলে ততাতৈয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন অনুৰাগীয়ে ৰাম চৰণলৈ লিখা ‘ৰেষ্ট ইন পিচ’ পত্ৰ। চিঠিখনত লিখা আছে, আপুনি অনুৰাগীৰ আৱেগক আওকাণ কৰিছে। চলিত মাহৰ শেষৰ ফালে বা নৱবৰ্ষৰ ভিতৰত যদি গেম চেঞ্জাৰৰ টিজাৰ বা চিনেমাৰ ট্ৰেইলাৰ সন্দৰ্ভত কোনো আপডেট প্ৰকাশ নকৰে, তেন্তে মই এই কথা ক'বলৈ বৰ দুখ পাইছো যে মই নিজকে হত্যা কৰিম। গতিকে এতিয়া সকলোৱে ‘গেম চেঞ্জাৰ’ চিনেমাখনৰ ট্ৰেইলাৰ আৰু মুক্তিৰ বিষয়ে কৌতুহলী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া