ধুবুৰী, ২৯ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰ পৌৰ সভাৰ অন্তৰ্গত ১৭ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ড্ৰেইনৰ পৰা পানী ওলোৱাৰ ফলত চাপৰ বজাৰৰ মাজমজিয়াত দূৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰিছে। এই দূৰগন্ধময় পৰিৱেশৰ ফলত হেজাৰ হেজাৰ ৰাইজৰ লগতে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চাপৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলৰ অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে।
সমগ্ৰ চাপৰ অঞ্চলৰ লেতেৰা পানী যোৱা একমাত্ৰ ড্ৰেইনখনৰ মুখ বন্ধ হোৱাৰ ফলত ড্ৰেইন ফাটি কাষেদি লেতেৰা পানী ওলাই চাপৰ বজাৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত লেতেৰা পানী জমা হৈ দুৰগন্ধময় পৰিৱেশৰ সৃষ্টি হয়। চাপৰ পৌৰসভাৰ গাফলতিৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে সাধাৰণ ৰাইজ, ব্যৱসায়ী সকলোৱে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু চাপৰ পৌৰসভাৰ কাষত থকা সত্ত্বেও নাই কোনো ইয়াৰ ব্যৱস্থা।
ইতিমধ্যে দোকানী ব্যৱসায় সকলোৱে চাপৰ পৌৰ সভাত অবগত কৰাৰ পিছতো চাপৰ পৌৰসভাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যদি চাপৰ পৌৰসভা কোনো ধৰণৰ ব্যৱস্থা হাতত নলয় তেন্তে যি কোনো মূহুৰ্তত চাপৰ অঞ্চলবাসি লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলোৱে প্ৰতিবাদ কৰিবলৈ ৰাজ পথলৈ ওলাই অহাৰ হুঙ্কাৰ দিয়ে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ