অকণিৰ সাহিত্য সভাৰ অসমীয়া শিশু সাহিত্য বঁটা আৰু শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান
-জনপ্ৰিয় শিশু সাহিত্যিক প্ৰভাত গোস্বামীক অসমীয়া শিশু সাহিত্য বঁটা আৰু দীপক কুমাৰ কলিতাক সেউজীয়া সপোন এটাৰ পাছে পাছে গ্ৰন্থৰ বাবে শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা প্ৰদান -উন্মোচিত শিশুৰ গীত জোনবাই আৰু কাব্য গ্ৰন্থ শোণিতপুৰ,২৯ ডিচেম্বৰ (হি.স.)। অসমীয়া
জনপ্ৰিয় শিশু সাহিত্যিক প্ৰভাত গোস্বামীক অসমীয়া শিশু সাহিত্য বঁটা আৰু দীপক কুমাৰ কলিতাক


জনপ্ৰিয় শিশু সাহিত্যিক প্ৰভাত গোস্বামীক অসমীয়া শিশু সাহিত্য বঁটা আৰু দীপক কুমাৰ কলিতাক


জনপ্ৰিয় শিশু সাহিত্যিক প্ৰভাত গোস্বামীক অসমীয়া শিশু সাহিত্য বঁটা আৰু দীপক কুমাৰ কলিতাক


-জনপ্ৰিয় শিশু সাহিত্যিক প্ৰভাত গোস্বামীক অসমীয়া শিশু সাহিত্য বঁটা আৰু দীপক কুমাৰ কলিতাক সেউজীয়া সপোন এটাৰ পাছে পাছে গ্ৰন্থৰ বাবে শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা প্ৰদান

-উন্মোচিত শিশুৰ গীত জোনবাই আৰু কাব্য গ্ৰন্থ

শোণিতপুৰ,২৯ ডিচেম্বৰ (হি.স.)। অসমীয়া শিশু সাহিত্যলৈ প্ৰভূত বৰঙনি আগবঢ়াই অহা অসমৰ লেখক-সাহিত্যিক সকলক নিৰ্বাচন কৰি অকণিৰ সাহিত্য সভাই ধাৰাবাহিক ভাৱে প্ৰতিবছৰে অসমীয়া শিশু সাহিত্য বঁটা আৰু শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰি অহাৰ পিছত আজি তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অকণিৰ সাহিত্য সভাই তেজপুৰত আনুষ্ঠানিক ভাৱে দুয়োটা বঁটা প্ৰদান কৰে । ২০২৪ বৰ্ষৰ বাবে অসমীয়া শিশু সাহিত্য বঁটা বিশিষ্ট শিশু সাহিত্যিক তথা প্ৰসিদ্ধ নাট্যকাৰ প্ৰভাত গোস্বামীক প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটাৰ বাবে উজনি অসমৰ সোণাৰিৰ শিশু সাহিত্যিক দীপক কুমাৰ কলিতাৰ সেউজীয়া সপোন এটাৰ পাছে পাছে গ্ৰন্থখনৰ বাবে দীপক কুমাৰ কলিতাক বঁটা প্ৰদান কৰা হয় ।

বিয়লি ৩ -৩০ বজাৰ পৰা তেজপুৰ সাহিত্য সভা ভৱনত অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা ,প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট ,বিশিষ্ট শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্ত, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট গল্পকাৰ -ঔপন্যাসিক ড০ ভূপেন শইকীয়া, বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, সাহিত্যিক পেন্সনাৰ সুশীল কুৰ্মী, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, বিশিষ্ট সমাজকৰ্মী, শিশু প্ৰেমী ইন্দিৰা গগৈ, প্ৰবীণ সাহিত্যিক প্ৰবীণ গগৈ, অকণিৰ সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি মনোৰঞ্জন বৰগোহাঁই, শিশু বন্ধু দুলাল বৰা আৰু সভাপতি পংকজ বৰুৱাই দুয়োগৰাকী বঁটা প্ৰাপকক গামোচা, চেলং চাদৰ,স্মাৰক, জাপি, অকণিৰ সাহিত্য সভাৰ প্ৰতীক সম্বলিত বিশেষ বঁটা, প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে অসমীয়া শিশু সাহিত্য বঁটা আৰু শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা প্ৰদান কৰা হয়।

অকণিৰ সাহিত্য সভাৰ যুটীয়া সম্পাদক দ্বিপজ্যোতি দাসে আঁত ধৰা আৰু কাৰ্য্যকৰী সভাপতি মনোৰঞ্জন বৰগোঁহাইয়ে আদৰণী ভাষণ প্ৰদান কৰা শিশুৰ গীত -মাতেৰে জীপাল হোৱা অনুষ্ঠানটি আৰম্ভ হয় সংগীতশিল্পী অৰুণ কুমাৰ শৰ্মা আৰু প্ৰণৱ লহকৰ পৰিচালিত তেজপুৰ উত্তৰ আঞ্চলিক যুৱ -শিশু বিকাশ কেন্দ্ৰৰ শিশুৰ মা আমি শদিয়ালৈ যামেই শীৰ্ষক সমবেত গীতেৰে ।

তেজপুৰৰ শিশু গায়ক প্ৰসিদ্ধ শিৱমৰ জোনবাই শীৰ্ষক এটি গীত বিশিষ্ট গীতিকাৰ -সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই উন্মোচন কৰা আৰু তেজপুৰ সাহিত্য সভাৰ কাৰ্যনিবাহ সদস্য তথা শিক্ষক দিব্যজ্যোতি নাথৰ কবিতাৰ পঁজাঘৰবোৰ বুকুৰ ঠিকনা মোৰ ..শীৰ্ষক কাব্য গ্ৰন্থ বিশিষ্ট শিশু সাহিত্যিক তথা শিক্ষাবিদ ড০ স্বাধীনতা মহন্তই উন্মোচন কৰা অনুষ্ঠানটিত শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্তই উন্মোচনী ভাষণত কাব্যপুথিখনৰ শিৰোণামতেই কাব্যিকতা সম্পৃক্ত হৈ আছে বুলি মন্তব্য কৰি কবিৰ নিজৰ এখন চোতাল আছে, সংগোপনে তাতেই কবিয়েই ওমলে- জামলে, কথা পাতে বুলি কৈ কবি দিব্যজ্যোতি নাথৰ কবিতাত প্ৰয়োগ হোৱা শব্দবোৰত এটা অন্তৰ্নিহিত চেতনা বৰ্তমান বুলি কয়। শব্দবোৰৰ মাজেৰে কবিয়ে ক'ব খোজা পৃথিবীখন আমি স্পৰ্শ কৰিব পাৰোঁ। কবিৰ মনোজগতখন স্পৰ্শ কৰিব পাৰোঁ। কবিতাবোৰ সহজ সৰল, চিত্ৰকল্প নথকা, প্ৰত্যক্ষভাবে হৃদয় স্পৰ্শ কৰিব পৰা। লোকজীৱনৰ কথা, লোকসংস্কৃতিক আধাৰ হিচাপে লৈ দিব্যজ্যোতি নাথে কবিতা ৰচনা কৰাটো লক্ষণীয় বুলিও মন্তব্য কৰে ।

আনহাতে বঁটা গ্ৰহণ কৰি বিশিষ্ট শিশু সাহিত্যিক তথা প্ৰসিদ্ধ নাট্যকাৰ প্ৰভাত গোস্বামীয়ে মই বঁটাটো তেজপুৰত গ্ৰহণ কৰিবলৈ পাই আহ্লাদিত হৈছোঁ বুলি মন্তব্য কৰি তেজপুৰত জন্ম গ্ৰহণ নকৰিলেও তেজপুৰৰ সৈতে এটি আত্মিক সম্পৰ্ক সাধিত হৈছে, তাৰ মূলতেই তেজপুৰীয়া মানুহৰ অকুণ্ঠ মৰম, আৰু সেই বাবেই মই নিজকে তেজপুৰীয়া বুলি ক'বলৈ পালেও আনন্দিত হৈ পৰোঁ বুলি কয় । গোস্বামীয়ে আৰু কয় -তেজপুৰৰ এটি বিশেষত্ব হৈছে যে কৰ্মসূত্ৰে বাস কৰা ব্যক্তিসকলকো মৰমৰে আপোন কৰি লয় আৰু তেজপুৰীয়া ৰূপে তেওঁলোকক চিনাকি কৰি দি গৌৰৱবোধ কৰে।সাহিত্যৰ বিভিন্ন ধাৰাত আত্মনিয়োগ কৰিলেও শিশু সাহিত্যৰ প্ৰতি মোৰ বিশেষ দুৰ্বলতা আছে বুলি মন্তব্য কৰি আজি শিশু সাহিত্য বঁটা গ্ৰহণ কৰি মোক পুনৰ অধিক বলিষ্ঠভাবে শিশু সাহিত্য সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছে বুলি মন্তব্য কৰে ।

শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা গ্ৰহণ কৰি শিৱসাগৰ সোণাৰিৰ শিশু সাহিত্যিক ,শিক্ষক দীপক কুমাৰ কলিতাই শ্ৰেষ্ঠ শিশু গ্ৰন্হৰ বঁটা লাভ কৰি মই আবেগিক হৈ পৰিছোঁ বুলি কৈ বঁটা প্ৰদান এটি সৰু গছ পুলিক সাৰ-পানী যোগোৱাৰেই নামান্তৰ মাথোন। মহীৰূঢ়সকলৰ মাজত মোৰ দৰে নি:কিন লেখক বঁটা প্ৰদানৰ বাবে নিৰ্বাচন কৰাটো ৰাইজৰ আন্তৰিক আশীৰ্বাদৰ দৰেই। এনে সম্বৰ্ধনা তথা পুৰস্কাৰে লেখকক ন ন সৃষ্টিৰ প্ৰেৰণা যোগায় বুলি মন্তব্য কৰে শিশু প্ৰসিদ্ধ শিৱমৰ জোনবাই শীৰ্ষক দৃশ্য শ্ৰাব্য মাধ্যমৰ গীতটি উন্মোচন কৰি বিশিষ্ট গীতিকাৰ -সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই শিশুসকলৰ মানসিক উত্তৰণৰ বাবে বিশেষকৈ অসমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈ পুৰণি অসমীয়া সাহিত্য গীত, পদ্যৰ সৈতে চিনাকী কৰি দিব লাগিব বুলি মন্তব্য কৰি গীতবোৰ ক্ৰমান্বয়ে গানলৈ ৰূপান্তৰিত হোৱাটো পৰিতাপৰ কথা আৰু সমাজৰ বাবে ক্ষতিকাৰ কথা বুলি কয়। আজিকালি গানৰ পয়োভৰ বৃদ্ধি পাইছে গীতবোৰ কিতাপৰ আঁৰ হৈ পৰিছে। উঠি অহা শিশুক গীতবোৰৰ সৈতে পৰিচয় কৰাব নোৱাৰিলে আমাৰ প্ৰয়াস সাৰ্থক নহ'ব। নিজকে জনপ্ৰিয় হোৱাতকৈ গীতটো জনপ্ৰিয় কৰাতহে গুৰুত্ব দিয়া প্ৰয়োজন বুলিও প্ৰবীণ গীতিকাৰ -সুৰকাৰ গৰাকীয়ে মন্তব্য কৰে ।

উল্লেখ্য এই অনুষ্ঠান উপলক্ষে তেজপুৰ সাহিত্য সভা ভৱনত অকণিৰ সাহিত্য সভাই এখন টেবুল গ্ৰন্থমেলাও আয়োজন কৰা অনুষ্ঠানটিত শিশু পদ্মজা কাশ্যপে এটি সুন্দৰ গীত পৰিবেশন কৰাৰ লগতে শিশু চায়াস্মিতা কাশ্যপে এটি কবিতা আবৃত্তি কৰাৰ উপৰি সাংবাদিক তথা শিশু উপযোগী লেখক অৰূপ কলিতাই শিশু উপযোগী এটি গল্পৰে শিশু সকলক উদ্বুদ্ধ কৰি তোলে । অকণিৰ সাহিত্য সভাৰ হৈ তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা অধ্যাপক পল্লৱ ভট্টাচাৰ্য্য আৰু প্ৰাক্তন সম্পাদক, লেখক, নাট্যকাৰ দেৱব্ৰত শৰ্মাই দুয়োগৰাকী বঁটা প্ৰাপকৰ প্ৰশস্তি পাঠ কৰা অনুষ্ঠানটিত গুৱাহাটীৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক সমীৰণ ডেকা আৰু নগাঁৱৰ লেখিকা নিৰ্মালী মালাকাৰক সন্মান জনায় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande