নতুন দিল্লী, ২৭ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰে। মোডীয়ে দেশৰ প্ৰগতি আৰু উন্নয়নত তেওঁৰ অৱদানৰ প্ৰশংসা কৰি কয় যে সিংক সংস্কাৰবাদী নেতা হিচাপে সদায় স্মৰণ কৰা হ’ব।
এক বিশেষ ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ কাৰ্যকাল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিজৰ কাৰ্যকালত তেওঁলোকৰ আদান-প্ৰদানৰ কথা স্মৰণ কৰে। প্রধানমন্ত্রীয়ে কয় যে প্রাক্তন প্রধানমন্ত্রী ড০ সিঙৰ বিয়োগে আমাৰ সকলোৰে অন্তৰত গভীৰ যন্ত্ৰণা কঢ়িয়াই আনিছে ৷ তেওঁৰ বিয়োগ আমাৰ ৰাষ্ট্ৰৰ বাবে এক বৃহৎ ক্ষতি। বিভাজনৰ সময়ছোৱাত বহুত হেৰুৱাই ভাৰতলৈ অহা আৰু ইয়াত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে কৃতিত্ব অৰ্জন কৰা, স্বাভাৱিক কথা নহয়। কষ্ট আৰু সংগ্ৰামৰ ওপৰত উঠি কেনেকৈ উচ্চতা লাভ কৰিব পাৰি তাৰ জীৱনৰ পৰা ভৱিষ্যত প্ৰজন্মই শিকি থাকিব।
তেওঁ কয় যে তেওঁক এজন সম্ভ্ৰান্ত ব্যক্তি, এজন বিদ্বান অৰ্থনীতিবিদ আৰু সংস্কাৰৰ প্ৰতি উৎসৰ্গিত নেতা হিচাপে সদায় স্মৰণীয় হৈ থাকিব। অৰ্থনীতিবিদ হিচাপে তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন স্তৰত সেৱা আগবঢ়াইছিল। প্ৰত্যাহ্বানমূলক সময়ত তেওঁ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ ভূমিকা গ্ৰহণ কৰিছিল। পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ বিত্তমন্ত্ৰী হৈ থকাৰ সময়তে তেওঁ আৰ্থিক সংকটেৰে আগুৰি থকা দেশত নতুন অৰ্থনীতিৰ পথ প্ৰশস্ত কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে দেশৰ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ প্ৰতি আৰু দেশৰ উন্নয়নৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় অতিশয় সন্মানেৰে দেখা যাব। ড° সিঙৰ জীৱনত তেওঁৰ সততা আৰু সৰলতাৰ প্ৰতিফলন আছিল, তেওঁ আছিল এজন অসাধাৰণ সংসদ সদস্য। তেওঁৰ নম্ৰতা, কোমলতা আৰু তেওঁৰ বৌদ্ধিকতা তেওঁৰ সংসদীয় জীৱনৰ চিনাকি হৈ পৰিছিল। মনত আছে, চলিত বৰ্ষৰ আৰম্ভণিতে যেতিয়া তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল শেষ হৈছিল, তেতিয়া মই কৈছিলোঁ যে এজন সাংসদ হিচাপে ড° চাহেবৰ সততা সকলোৰে বাবে প্ৰেৰণা। অধিৱেশনৰ সময়ত গুৰুত্বপূৰ্ণ অনুষ্ঠানত তেওঁ হুইল চেয়াৰত বহি সংসদীয় কৰ্তব্য পালন কৰিছিল।
তেওঁ কয় যে বিশ্বৰ সন্মানীয় শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰি চৰকাৰৰ বহু শীৰ্ষ পদবীত অধিষ্ঠিত হোৱাৰ পিছতো তেওঁ নিজৰ নম্ৰ পটভূমিৰ মূল্যবোধ কেতিয়াও পাহৰিব পৰা নাছিল। দলীয় ৰাজনীতিৰ ওপৰত উঠি তেওঁ সদায় প্ৰতিটো দলৰ মানুহৰ লগত যোগাযোগ ৰাখিছিল আৰু সকলোৰে বাবে সহজে উপলব্ধ আছিল। মই যেতিয়া মুখ্যমন্ত্ৰী আছিলো তেতিয়া ড° সিঙৰ সৈতে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মুকলি আলোচনা হৈছিল। ইয়ালৈ দিল্লীলৈ অহাৰ পিছতো মই মাজে মাজে কথা পাতিছিলোঁ আৰু লগ পাইছিলোঁ। তেওঁৰ সৈতে হোৱা সাক্ষাৎ আৰু দেশ সন্দৰ্ভত হোৱা আলোচনা মই সদায় মনত ৰাখিম। শেহতীয়াকৈ তেওঁৰ জন্মদিন হোৱাৰ সময়ত মইও তেওঁৰ লগত কথা পাতিছিলোঁ।
প্ৰধানমন্ত্ৰীয়ে কয় যে আজি এই কঠিন সময়ত তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। সকলো দেশবাসীৰ হৈ ড° সিঙলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। উল্লেখযোগ্য যে কালি সন্ধিয়া নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত প্রাক্তন প্রধানমন্ত্রী সিঙৰ মৃত্যু হয় ৷ মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া