নতুন দিল্লীৰ ‘৩, মোটিলাল নেহৰু ৰোড’স্থিত বাসগৃহত মনমোহন সিঙলৈ জনতাৰ অন্তিম শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ২৭ ডিচেম্বৰ (হি.স.)। আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কিনকিনীয়া বৰষুণ দি আছে। লুটিয়েনছ দিল্লীৰ মোটিলাল নেহৰু ৰোডৰ ৩ নং বাংলোৰ পৰিৱেশ ম্লান হৈ আছে। প্ৰতিজনৰে চকু আৰ্দ্ৰ...আৰু প্ৰতিজন দৰ্শনাৰ্থীৰ মুখত দুখৰ ছাঁ দেখা যায়। তিনি একৰ
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং


নতুন দিল্লী, ২৭ ডিচেম্বৰ (হি.স.)। আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কিনকিনীয়া বৰষুণ দি আছে। লুটিয়েনছ দিল্লীৰ মোটিলাল নেহৰু ৰোডৰ ৩ নং বাংলোৰ পৰিৱেশ ম্লান হৈ আছে। প্ৰতিজনৰে চকু আৰ্দ্ৰ...আৰু প্ৰতিজন দৰ্শনাৰ্থীৰ মুখত দুখৰ ছাঁ দেখা যায়। তিনি একৰ ভূমিত থকা এই বিশাল টাইপ-৮ বাংলোটোলৈ প্রাক্তন প্রধানমন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা ড০ মনমোহন সিঙৰ মৃতদেহ নিখিল ভাৰত চিকিৎসা বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ পৰা নিশা প্ৰায় ১ বজাত অনা হয় ৷

তিনি, মোটিলাল নেহৰু ৰোড প্ৰায় ১০ বছৰ ধৰি প্ৰখ্যাত অৰ্থনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙৰ বাসগৃহ আছিল। তেওঁ ৯২ বছৰ বয়সত এইমছত শেষ উশাহ লৈছিল। ২০১৪ চনৰ মে’ মাহত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত তেওঁ এই বাংলোলৈ আহিছিল। মোডীয়ে ৭ ৰেচ কোৰ্চ ৰোড (বৰ্তমান ৭ লোক কল্যাণ মাৰ্গ) আৰু সিং ৩, মোটিলাল নেহৰু মাৰ্গলৈ স্থানান্তৰিত হয়। ড° সিঙৰ আগত এই বাংলোটো আগতে দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ চৰকাৰী বাসগৃহ আছিল। দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত তেওঁ খালী কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ বাবে সিং আৰু তেওঁৰ পৰিয়ালে এছ পি জিৰ নিৰাপত্তা উপভোগ কৰিছিল। মনমোহন সিঙৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ এখন গাঁৱত।

বৰ্তমান ৩ মোটিলাল নেহৰু মাৰ্গৰ বাহিৰত আৰক্ষীৰ বেৰিকেড স্থাপন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ২৬ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ সমগ্ৰ দেশত ৭ দিন ৰাজ্যিক শোক ঘোষণা কৰিছে। ইয়াৰ পিছত কেৰালা চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ সন্মানত আধা মাষ্টত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। আজি প্ৰয়াত নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ড০ সিঙৰ সন্মানত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপনকে ধৰি সকলো চৰকাৰী কাৰ্যসূচী অহা সাত দিনৰ বাবে বাতিল কৰা হৈছে। এই সময়ছোৱাত দলৰ পতাকা অৰ্ধনমিত হৈ থাকিব।

সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৈতে কটোৱা ৰাজনৈতিক মুহূৰ্তবোৰৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দেশৰ অন্যতম সন্মানীয় নেতা ড০ মনমোহন সিঙক হেৰুৱাইছে। নম্ৰ পটভূমিৰ পৰা উঠি আহি তেওঁ এজন সন্মানীয় অৰ্থনীতিবিদ হৈ পৰিছিল। তেওঁ বিত্তমন্ত্ৰীকে ধৰি বিভিন্ন চৰকাৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু বছৰ বছৰ ধৰি আমাৰ অৰ্থনৈতিক নীতিত গভীৰ প্ৰভাৱ পেলাইছিল। সংসদত তেওঁৰ চিন্তাশীল হস্তক্ষেপও সদায় উল্লেখযোগ্য আছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা চলাইছিল।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে কথাতকৈ কৰ্মৰ মানুহ, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান ভাৰতৰ ইতিহাসত সদায় খোদিত হৈ থাকিব । কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে সিঙে বুদ্ধিমত্তা আৰু সততাৰে ভাৰতক নেতৃত্ব দিছিল। তেওঁৰ নম্ৰতা আৰু অৰ্থনীতিৰ গভীৰ জ্ঞানে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছিল। তেওঁলোকে এজন পথ প্ৰদৰ্শকক হেৰুৱাই পেলালে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande