নতুন দিল্লী, ২৭ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু সীমান্তৱৰ্তী ৰাজ্যসমূহৰ চহৰসমূহত বসবাস কৰা লোকসকলে আজি পুৱা তুষাৰপাতৰ সন্মুখীন হ’বলগীয়া হয়। এই সময়ছোৱাত দিল্লীৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ হৈছে। ঠাণ্ডা বতাহ বলিছে। ইয়াৰ বাবেই ঠাণ্ডা ঢৌৰ প্ৰভাৱ আৰু বৃদ্ধি পাইছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত ধুমুহা, শিলাবৃষ্টি আৰু মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, আজি পুৱা ৭:২৩ বজাত দিল্লীৰ তাপমাত্ৰা ১৩ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। সমগ্ৰ মহানগৰত বৈ থকা ঠাণ্ডা বতাহৰ বাবে বতৰ ঠাণ্ডা হৈ পৰিল। এই দুদিনত উষ্ণতাৰ উঠা-নমা আৰু ঘন কুঁৱলীও দেখা যায়। আজি সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ২০ আৰু সৰ্বনিম্ন ১২ ডিগ্ৰী চেলছিয়াছ হ’ব। আগন্তুক ৪৮ ঘণ্টা ধৰি দিল্লীৰ আকাশ ডাৱৰীয়া হৈ থাকিব বুলি জানিব পৰা গৈছে। লগতে আজি নয়ডাত সৰ্বনিম্ন তাপমাত্ৰা ১৪ আৰু সৰ্বোচ্চ ২৪ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। পুৱাৰ ভাগত গুৰুগ্ৰাম, ফৰিদাবাদ, শোনিপাট আৰু গাজিয়াবাদৰ কিছু অংশত বৰষুণ পৰে।
বিভাগীয় বিষয়াসকলৰ মতে, আজি হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শিলাবৃষ্টি হ’ব পাৰে। ২৭ আৰু ২৮ ডিচেম্বৰত পশ্চিম হিমালয় অঞ্চলত হোৱা প্ৰচণ্ড তুষাৰপাতৰ বাবে উত্তৰ ৰাজ্যসমূহৰ তাপমাত্ৰা ২ৰ পৰা ৩ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া