নতুন দিল্লী, ২৭ ডিচেম্বৰ (হি.স.)। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং জীৰ সন্মানত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপনকে ধৰি সকলো চৰকাৰী কাৰ্যসূচী অহা সাত দিনৰ বাবে বাতিল কৰা হৈছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি ভেনুগোপালে বৃহস্পতিবাৰে নিশা এই তথ্য প্ৰদান কৰে।
কে চি ভেনুগোপালে কয় যে এই সময়ছোৱাত বাতিল হ’বলগীয়া কাৰ্যসূচীসমূহৰ ভিতৰত সকলো আন্দোলনমূলক আৰু আউটৰিচ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। আগন্তুক ২০২৫ চনৰ ৩ জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব দলৰ কাৰ্যসূচী। এই শোকৰ সময়ছোৱাত অৰ্ধনমিত হৈ থাকিব দলৰ পতাকা।
কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য ৰনদীপ সুৰজেৱালাই কয় যে ড০ মনমোহন সিঙৰ সন্মানত কংগ্ৰেছে শুকুৰবাৰে কৰ্ণাটকৰ বেলগাঁৱত অনুষ্ঠিত হোৱা জয় বাপু, জয় ভীম, জয় সম্বিধান ৰেলী বাতিল কৰিছে। আজি কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে ড০ মনমোহন সিঙৰ স্মৃতিত এখন শোক সভা অনুষ্ঠিত কৰিব।
ড০ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শোক বাৰ্তাত তেওঁ কয়, মই এজন গুৰু হেৰুৱাইছো। তেওঁক প্ৰশংসা কৰা আমাৰ লাখ লাখ লোকে তেওঁক অপৰিসীম গৌৰৱেৰে স্মৰণ কৰিম। মনমোহন সিং জীয়ে অতি প্ৰজ্ঞা আৰু সততাৰে ভাৰতৰ নেতৃত্ব দিছিল। তেওঁৰ নম্ৰতা আৰু অৰ্থনীতিৰ প্ৰতি তেওঁৰ গভীৰ বুজাবুজিয়ে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছিল। শ্ৰীমতী কৌৰ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা।'
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া