কামৰূপ, ২৬ ডিচেম্বৰ (হি.স.): নৱবৰ্ষৰ প্ৰাকক্ষণত ৰঙিয়াৰ দুই ভাতৃয়ে সাংস্কৃতিক ক্ষেত্ৰত অসমবাসীলৈ আগবঢ়াইছে বিশেষ উপহাৰ। পুৰণিক বিদায় আৰু নতুনৰ আগমনত সকলোৰে মনপ্ৰাণ উখল মাখল ৷ তেনে এক আনন্দময় পৰিৱেশতে এপি ক্ৰিয়েচনে (AP creation) আগবঢ়াইছে অৰূপ দাসৰ কথা আৰু সুৰৰ সমৃদ্ধ এক নতুন গীত ৷
বুধবাৰ বিয়লি গীতটি আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিশিষ্ট সাংবাদিক তাপস চমাদ্দাৰে। গীতটিত কণ্ঠদান কৰিছে দুই ভাতৃ ক্ৰমে কুমাৰ ভৱজিত কাশ্যপ আৰু কুমাৰ চিৰঞ্জীৱ কাশ্যপে ৷ এপি ক্ৰিয়েচনে আশা কৰিছে নতুন বছৰত ৰাইজে মৰমেৰে গীতটি আদৰি ল’ব বুলি ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ