সোণু ছুদক দিছিল মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ  
বলীউডত অনন্য স্থান অৰ্জন কৰিছে অভিনেতা সোণু ছুদে। ইয়াৰ বাহিৰেও ২০২০ চনত যেতিয়া কৰ’না সকলোতে বিয়পি পৰিছিল, তেতিয়া সোণুৱে এজন দেৱদূত হৈ বহু লোকক সহায় কৰিবলৈ দৌৰিছিল। আৰ্তজনক তেওঁলোকৰ ঘৰলৈ লৈ প্ৰেৰণ কৰাত সহায় কৰিছিল। তেওঁৰ কামৰ ওপৰত দৃষ্টি নিবদ্ধ হ
सोनू सूद


বলীউডত অনন্য স্থান অৰ্জন কৰিছে অভিনেতা সোণু ছুদে। ইয়াৰ বাহিৰেও ২০২০ চনত যেতিয়া কৰ’না সকলোতে বিয়পি পৰিছিল, তেতিয়া সোণুৱে এজন দেৱদূত হৈ বহু লোকক সহায় কৰিবলৈ দৌৰিছিল। আৰ্তজনক তেওঁলোকৰ ঘৰলৈ লৈ প্ৰেৰণ কৰাত সহায় কৰিছিল। তেওঁৰ কামৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ পৰিছিল। এতিয়া শেহতীয়াকৈ সোণুৱে প্ৰকাশ কৰিছে যে তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল।

এক সাক্ষাৎকাৰত সোণু ছুদে কয়, ‘মোক মুখ্যমন্ত্ৰীৰ পদৰ প্ৰস্তাৱো দিয়া হৈছিল। মই নাকচ কৰাত তেওঁ ক’লে, ‘তেন্তে ডেপুটি মুখ্যমন্ত্ৰী হওক, ৰাজ্যসভাত আসন পাব’ এইসকল দেশৰ অতি প্ৰভাৱশালী লোক আছিল যিয়ে মোকো প্ৰস্তাৱ দিছিল। তেওঁ মোক ক’লে, ‘ৰাজ্যসভাৰ সদস্যপদ লোৱা। আমাৰ সৈতে সংযোগ স্থাপন কৰক। ৰাজনীতিত কোনো কথাৰ বাবে যুঁজ দিয়াৰ প্ৰয়োজন নাই। এনে শক্তিশালী মানুহে যেতিয়া আপোনাক লগ পাব বিচাৰে আৰু আপোনাক পৃথিৱীত পৰিৱৰ্তন আনিবলৈ উৎসাহিত কৰিব বিচাৰে তেতিয়া এটা আমোদজনক কথা।

তেওঁ আৰু কয়, মানুহে ৰাজনীতিত প্ৰৱেশ কৰিব বিচাৰে দুটা কাৰণত - ধন আৰু ক্ষমতা, কিন্তু মই ইয়াৰ প্ৰতি আকৰ্ষিত নহয়। গতিকে মই নাজানো কিমান সহজে মই ৰাজনীতিৰ জগতখনত প্ৰৱেশ কৰিব পাৰিম। ৰাজনীতিত অহাৰ পিছত যদি কোনোবাই মোক কয় এইটো সহায় নকৰিবা, সেইটো নকৰিবা, তেনেকুৱা নকৰিবা, সেয়া মোৰ বাবে শোভা নাপায়, ৰাজনীতিত সোমালে মোৰ বাবে জাতি বা ভাষাই কোনো গুৰুত্ব নাপায়, মোৰ স্বাধীনতা শেষ হ'ব বুলি ভয় লাগে সেইবাবেই মই ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সাজু নহয়।

১০ জানুৱাৰীত মুক্তি পাব সোণু ছুদৰ ছবি ‘ফতেহ’। ছবিখনৰ ৰচনা আৰু পৰিচালক সোণুৱে। ইয়াৰ উপৰিও ইয়াত অভিনয় কৰিছে জেকলিন ফাৰ্নাণ্ডেজে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande