নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত উত্থানৰ ধাৰা দেখা গৈছে। সোণৰ মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৬০০ টকাৰ পৰা ৭৭,৪৫০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো প্ৰতি ১০ গ্ৰামত ৭১,১৫০ টকাৰ পৰা ৭১,০০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। আজি ৰূপৰ মূল্য সামান্য বৃদ্ধিৰ বাবে দিল্লীৰ অলংকাৰ বজাৰত ইয়াৰ মূল্য প্ৰতি কেজিত ৯১,৫০০ টকাৰ স্তৰত উপনীত হৈছে।
দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৭,৬০০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,১৫০ টকা। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৪৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১ হাজাৰ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৫০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,০৫০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৪৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭১,০০০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৪৫০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১ হাজাৰ টকা।
আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৬০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭১,১৫০ টকাৰ স্তৰত বিক্ৰী কৰা হৈছে। আনহাতে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৫০০ টকাৰ স্তৰত থকাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,০৫০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৬০০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,১৫০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ অন্যান্য ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৭৭,৪৫০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১ হাজাৰ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া