নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেখেতৰ ৯২ বছৰ বয়স হৈছিল। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা তেখেতৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ অসুবিধাৰ বাবে আজি দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছিল।
ড° মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ১৯৯১ চনত বিত্তমন্ত্ৰী হিচাপে তেওঁ ভাৰতত অৰ্থনৈতিক উদাৰীকৰণৰ ভেটি স্থাপন কৰিছিল, যাৰ ফলত বিশ্বৰ মঞ্চত দেশৰ অৰ্থনীতি শক্তিশালী হৈছিল।
মনমোহন সিঙৰ মৃত্যু সন্দৰ্ভত দিল্লী এইমছে এক প্ৰেছ বিজ্ঞপ্তিযোগে এক বিবৃতি প্ৰকাশ কৰে। এইমছে জনোৱা মতে, মনমোহন সিঙৰ ৯২ বছৰ বয়সত দেহাৱসান ঘটিছে। বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। আজি তেওঁ হঠাতে নিজৰ ঘৰত অচেতন হৈ পৰে। নিশা ৮:০৬ বজাত তেওঁক এইমছৰ চিকিৎসা জৰুৰীকালীন অৱস্থালৈ অনা হয়। অৱশ্যে সকলো চেষ্টা কৰিও তেওঁক ৰক্ষা কৰিব পৰা নহ’ল। নিশা ৯:৫১ বজাত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া