নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে । তেওঁৰ বয়স আছিল ৯২ বছৰ। নিশা ৯.৫১ বজাত এইমছত শেষ নিশ্বাস ত্যাগ কৰে। দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) প্ৰশাসনে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা তেখেতৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ অসুবিধাৰ বাবে আজি দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছিল।
ড০ মনমোহন সিঙৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত পাকিস্তানৰ গাহত। ১৯৪৭ চনত বিভাজনৰ পিছত তেওঁৰ পৰিয়াল ভাৰতলৈ আহিছিল। মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডি.ফিল ডিগ্ৰী লৈছিল। মৃত্যুৰ সময়ত ড০ সিঙে পত্নী গুৰশৰণ কৌৰ আৰু তিনিগৰাকী কন্যা উপিন্দৰ সিং, দমন সিং আৰু অমৃত সিঙক এৰি থৈ যায়।
মনমোহন সিঙৰ ‘ইণ্ডিয়াজ এক্সপোৰ্ট ট্ৰেণ্ডচ এণ্ড প্ৰোস্পেক্টছ ফৰ চেলফ ষ্টেণ্ড গ্ৰোথ’ (ভাৰতৰ ৰপ্তানি প্ৰৱণতা আৰু আত্মনিৰ্ভৰশীল বৃদ্ধিৰ সম্ভাৱনা) নামৰ গ্ৰন্থখন ভাৰতৰ অন্তৰ্মুখী বাণিজ্য নীতিৰ প্ৰথম আৰু সঠিক সমালোচনা বুলি বিবেচিত হৈছে। অৰ্থনীতিৰ শিক্ষক হিচাপেও ড° সিঙে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু পিছলৈ প্ৰতিষ্ঠিত দিল্লী স্কুল অৱ ইকনমিক্সৰ অধ্যাপক আছিল। ইফালে ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সচিবালয়ৰ উপদেষ্টাও আছিল আৰু ১৯৭৮ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত জেনেভাত দক্ষিণ আয়োগৰ সচিবও আছিল। ১৯৭১ চনত ড০ সিঙে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত অলপ সময়ৰ পিছতে ১৯৭২ চনত তেওঁক বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়। পৰৱৰ্তী বছৰবোৰত তেওঁ পৰিকল্পনা আয়োগৰ উপ-সভাপতি, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়া বছৰবোৰত ভাৰতৰ অৰ্থনৈতিক ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্টটো আহিছিল যেতিয়া ড° সিং ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁক ভাৰতৰ অর্থনৈতিক সংস্কাৰৰ অগ্ৰণী হিচাপে গণ্য কৰা হয়।
মনমোহন সিঙৰ ৰাজনৈতিক যাত্ৰা
মনমোহন সিঙৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল নব্বৈৰ দশকৰ পৰা, তেতিয়াৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ চৰকাৰত বিত্তমন্ত্ৰী হৈছিল। এই সময়ছোৱাত তেওঁ ভাৰতীয় অৰ্থনীতি উদাৰীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ব্যক্তিগত উদ্যোগক উৎসাহিত কৰা সংস্কাৰ ৰূপায়ণ কৰে। ১৯৯১ চনত দেশে সন্মুখীন হোৱা ভয়াৱহ অৰ্থনৈতিক সংকট হ্ৰাস কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ নীতিয়ে তেওঁৰ সুনাম মজবুত কৰা বুলি বিবেচিত হৈছে। বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে পুনৰ ক্ষমতালৈ অহাৰ পূৰ্বে ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিত্তমন্ত্ৰীৰূপে আৰ্থিক সংকটৰ সন্মুখীন হোৱা দেশক নতুন আৰ্থিক নীতি উপহাৰ দিছিল।
প্ৰধানমন্ত্ৰী হিচাপে ড০ সিঙৰ কাৰ্যকাল
ড° মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিছত চতুৰ্থ দীঘলীয়া সময় এই পদত অধিষ্ঠিত হয়। ড° মনমোহন সিং ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী। জৱাহৰলাল নেহৰুৰ পিছত সম্পূৰ্ণ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি পুনৰ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰীও। ২০০৪ চনত যেতিয়া মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া তেওঁ আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা এখন চৰকাৰৰ নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত দেশৰ জিডিপি গড়ে ৮ৰ পৰা ৯ শতাংশ আছিল। যদিও, তেওঁৰ কাৰ্যকালত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কেলেংকাৰীৰ অভিযোগ উঠিছিল যদিও মনমোহন সিঙে ব্যক্তিগতভাৱে সদায় পৰিষ্কাৰ হৈ আছিল।
বঁটা আৰু সন্মান:
ড° মনমোহন সিঙে লাভ কৰা বহু বঁটা আৰু সন্মানৰ ভিতৰত আটাইতকৈ বিশিষ্ট হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ, যিটো তেওঁ ১৯৮৭ চনত লাভ কৰিছিল। ইয়াৰ উপৰিও ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ জৱাহৰলাল নেহৰু জন্ম শতবাৰ্ষিকী বঁটা (১৯৯৫), বছৰৰ বিত্তমন্ত্ৰীৰ এছিয়া মানি বঁটা (১৯৯৩ আৰু ১৯৯৪), বছৰৰ বিত্তমন্ত্ৰীৰ ইউৰো মানি বঁটা (১৯৯৩), কেম্বিজ বিশ্ববিদ্যালয়ৰ এডাম স্মিথ বঁটা (১৯৫৬) ), কেম্ব্ৰিজৰ ছেইণ্ট জনছত বিশেষ প্ৰদৰ্শনৰ বাবে ৰাইট পুৰস্কাৰ (১৯৫৫)। ইয়াৰ উপৰি ড০ মনমোহন সিঙক জাপানৰ নিহন কেইজাই শ্বিম্বুনৰ লগতে আন কেইবাখনো বিশ্ববিদ্যালয়ে সন্মানীয় ডিগ্ৰী প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া