কংগ্ৰেছে সাংগঠনিক শক্তি বৃদ্ধি কৰিব লাগিবঃ খৰ্গে
নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। কৰ্ণাটকৰ বেলগাঁৱত বৃহস্পতিবাৰে কংগ্ৰেছ বৰ্ধিত কাৰ্য্যকৰী সমিতিৰ বৈঠকত নৱ সত্যগ্ৰহৰ শুভাৰম্ভ কৰা হয়। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উদ্বোধনী ভাষণত কয় যে আমি আমাৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিব লাগিব। আমাৰ সমৰ্থকসকলে জান
কংগ্ৰেছে সাংগঠনিক শক্তি বৃদ্ধি কৰিব লাগিবঃ খৰ্গে


নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। কৰ্ণাটকৰ বেলগাঁৱত বৃহস্পতিবাৰে কংগ্ৰেছ বৰ্ধিত কাৰ্য্যকৰী সমিতিৰ বৈঠকত নৱ সত্যগ্ৰহৰ শুভাৰম্ভ কৰা হয়। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উদ্বোধনী ভাষণত কয় যে আমি আমাৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিব লাগিব। আমাৰ সমৰ্থকসকলে জানিব বিচাৰে যে আমি নিজকে শক্তিশালী কৰিবলৈ কি কৰিম? যিসকল লোক আমাৰ সমৰ্থক নহয় কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা আশা হেৰুৱাইছে তেওঁলোকেও জানিব বিচাৰে আমি নিজকে কেনেকৈ শক্তিশালী কৰিম।

সভা আৰম্ভ হোৱাৰ পূৰ্বে মল্লিকাৰ্জুন খৰ্গে পতাকা উত্তোলন কৰে। তাৰ আগতে দলৰ সভাপতিৰ নেতৃত্বত কংগ্ৰেছ নেতাসকলে সমদল উলিয়াইছিল। বৈঠকত উপস্থিত থকা বিষয়ববীয়া আৰু নেতাসকলক আদৰণি জনাই খৰ্গে কয় যে আজি কংগ্ৰেছৰ ইতিহাসত এক অতি সোণালী দিন। গান্ধীজী কংগ্ৰেছৰ সভাপতি হোৱাৰ এশ বছৰীয়া জয়ন্তী উপলক্ষে বেলগাঁভি (বেলগাঁও) মহাত্মা গান্ধী নগৰত অনুষ্ঠিত হৈছে ঐতিহাসিক নৱ সত্যগ্ৰহ সভা। ১০০ বছৰ আগতে ইয়াত ১৯২৪ চনৰ ২৬ ডিচেম্বৰত বিয়লি ৩ বজাত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে মৌলানা মহম্মদ আলী জৌহৰ কংগ্ৰেছৰ সভাপতি আছিল। এই উপলক্ষে সেৱা দলৰ প্ৰতিষ্ঠাপক ড° এন এছ হৰ্দিকাৰক স্মৰণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছো। ইয়াৰ পৰাই আৰম্ভ হ’ল কংগ্ৰেছৰ ইতিহাসত প্ৰতিদিনে পুৱা আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু সন্ধিয়া নমাই দিয়াৰ পৰম্পৰা।

খৰ্গে কয় যে গান্ধীজী এবছৰৰ বাবে মাত্ৰ এবাৰহে কংগ্ৰেছৰ সভাপতি হৈছিল। গান্ধীজীয়ে অস্পৃশ্যতা আৰু বৈষম্যৰ বিৰুদ্ধে অভিযানক কংগ্ৰেছৰ মূল কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছিল। কংগ্ৰেছৰ হাতত আছে জাতিৰ পিতৃ মহাত্মা গান্ধী আৰু নেহৰুৰ উত্তৰাধিকাৰ। সেই সময়ত কোহাট, গুলবৰ্গা আদি চহৰত সংঘটিত হোৱা সাম্প্ৰদায়িক দাঙ্গাবোৰে গান্ধীজী আঘাতপ্ৰাপ্ত হৈ উদ্বেগ প্ৰকাশ কৰে। আজিৰ শাসকীয় দল আৰু ইয়াৰ নেতাসকলে মুকলিকৈ উচটনিমূলক শ্লোগান দিয়ে আৰু ইয়াৰ শীৰ্ষ নেতাসকলে সমাজৰ সমন্বয় বিনষ্ট কৰি জনগোষ্ঠীসমূহৰ মাজত ঘৃণা বিয়পাইছে। যোৱা ১৪০ বছৰত দলটোৱে বহু উত্থান-পতন দেখিছে যদিও আজিও কংগ্ৰেছ গান্ধীজীৰ নীতিৰ প্ৰতি উৎসৰ্গিত আৰু তেওঁৰ চিন্তাৰ পোহৰত তেওঁৰ নীতিৰ ওপৰত দৃঢ়তাৰে থিয় দিছে।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে কৰ্ণাটক তেওঁৰ গৃহ ৰাজ্য। আজি আমি যেতিয়া এশ বছৰীয়া ঐতিহাসিক মুহূৰ্ত এটাক পুনৰুজ্জীৱিত কৰি আছো, তেতিয়া কৰ্ণাটকত গান্ধীজীৰ ধাৰণা আধাৰিত চৰকাৰ চলি আছে। সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধক আগুৱাই লৈ মহাত্মা বাছেশ্বৰ, মহাত্মা ফুলে, বাবা চাহেব আম্বেদকাৰৰ দৰে মহান ব্যক্তিয়ে দেখুওৱা ধাৰণাক লৈ আগবাঢ়িছে। সংসদৰ অধিৱেশনত সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত বাবা চাহেব আম্বেদকাৰক লৈ গৃহমন্ত্ৰীৰ অতি অপমানজনক বক্তব্য আমি শুনিছিলো। আমি আপত্তি উত্থাপন কৰিলোঁ, প্ৰতিবাদ কৰিলোঁ আৰু বিক্ষোভ কৰিলোঁ। এতিয়া সমগ্ৰ দেশতে প্ৰতিবাদ। কিন্তু তেওঁলোকৰ ভুল মানি ল’বলৈ সাজু নহয় প্ৰধানমন্ত্ৰী আৰু চৰকাৰ। অমিত শ্বাহৰ পৰা ক্ষমাপ্ৰাৰ্থনা আৰু পদত্যাগ বিচৰাটো দূৰৰ কথা, তাৰ পৰিৱৰ্তে আপত্তিজনক বক্তব্যক সমৰ্থন কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু হৈছিল। আমি কাকো ভয় কৰিবলৈ যোৱা নাই, নতমস্তক হ’বলৈও যোৱা নাই। নেহৰু-গান্ধীৰ মতাদৰ্শ আৰু বাবা চাহেবৰ সন্মানৰ বাবে আমি শেষ উশাহলৈকে যুঁজ দিম। বিজেপিৰ মানুহে আমাক মিছা অভিযোগ উত্থাপন কৰে যে আমি বাবা চাহেবক সন্মান কৰা নাছিলো। সকলোৱে জানে যে বাবা চাহেবৰ প্ৰতিমূৰ্তি ১৯৬৭ চনত কংগ্ৰেছে সংসদত স্থাপন কৰিছিল।

সংবিধানৰ প্ৰস্তাৱনাক শাসকীয় দলৰ লোকৰ অপমান অব্যাহত আছে বুলিও তেওঁ কয়। সাংবিধানিক বিধান আৰু মূল্যবোধক সন্মান কৰা নহয়। সাংবিধানিক প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰা হৈছে। কেতিয়াবা তালিকাৰ পৰা ভোটাৰৰ নাম আঁতৰাই দিয়া হয়। কেতিয়াবা ভোট দিবলৈ বাধা দিয়া হয়। কেতিয়াবা হঠাতে ভোটাৰ তালিকাৰ সংখ্যা বাঢ়ি যায়। কেতিয়াবা ভোটদানৰ শেষ মুহূৰ্তত ভোটদানৰ শতাংশ অভাৱনীয়ভাৱে বৃদ্ধি পায়। ড° মনমোহন সিঙৰ চৰকাৰত আমি ৭২ হাজাৰ কোটি টকাৰ কৃষকৰ ঋণ ৰেহাই দিলোঁ। শস্যৰ বাবে সৰ্বোচ্চ এম এছ পি দিছিলো। তেওঁলোকৰ পক্ষত ভূমি অধিগ্ৰহণৰ আইন প্ৰণয়ন কৰা হ’ল। বহুত কাম হৈছিল। এমএনৰেগা, আৰটিআই, খাদ্য আৰু শিক্ষাৰ অধিকাৰ দিলে। আজি জনসাধাৰণক চোৱাচিতা কৰিবলৈ কোনো নাই। সেয়েহে আমি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব।

খৰ্গে কয় যে ভাৰত জোডো যাত্ৰা আৰু ভাৰত জোডো ন্যায় যাত্ৰাই দেশৰ ৰাজনৈতিক পৰিৱেশ পৰিবৰ্তনৰ ক্ষেত্ৰত যথেষ্ট শক্তি প্ৰদান কৰিছিল। সেয়েহে আমি আমাৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিব লাগিব। ২০২৫ বৰ্ষ আমাৰ সংগঠনক শক্তিশালী কৰাৰ বছৰ হ'ব। আমি সংস্থাটোৰ সকলো খালী পদ পূৰণ কৰিম। উদয়পুৰ ঘোষণা আমি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিম। আমি আমাৰ সংস্থাটোক মণ্ডল আৰু বুথ পৰ্যায়ত নিৰ্বাচনত জয়ী হ’বলৈ প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰিম। নতুন ক্ষমতাক সুযোগ দিয়াৰ প্ৰয়োজন। লগতে স্থানীয় আৰু নতুন নেতৃত্বৰ প্ৰসাৰ ঘটাব লাগিব। আমি বেলগামৰ পৰা এক নতুন বাৰ্তা আৰু নতুন সংকল্প লৈ উভতি আহিম।

খৰ্গে তেওঁৰ ভাষণৰ সামৰণি মাৰি বিখ্যাত হিন্দী কবি ভৱানী প্ৰসাদ মিশ্ৰৰ কবিতা এটাৰে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande