গুৱাহাটী, ২১ ডিচেম্বৰ (হি.স.)। সোণাপুৰত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ নেতৃত্বত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদী সমদল। সোণাপুৰৰ কচুতলীত এই পৰ্যন্ত বহু অবৈধ নাগৰিকে বসবাস কৰি থকাৰ অভিযোগ উত্থাপন কৰি এইসকলক পুনৰ উচ্ছেদৰ দাবী জনায় প্ৰতিবাদী জনতাই।
আনহাতে শেহতীয়াকৈ কচুতলিত মাছ মৰাক কেন্দ্ৰ কৰি খিলঞ্জীয়াৰ ওপৰত চলা আক্ৰমণক গৰিহণা দি কৰায়ত্ত কৰা দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰো দাবী প্ৰতিবাদী জনগোষ্ঠীয় দল-সংগঠনসমূহৰ। লগতে এই ঘটনাৰ লগত জড়িত আন লোকসকলকো চিনাক্ত কৰি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনালে দল-সংগঠনৰ নেতৃত্বই।
সোণাপুৰৰ নতুন বজাৰস্থিত ট্ৰাইবেল সংঘৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদল সোণাপুৰৰ বজাৰৰ মাজেৰে গৈ ডিমৰীয়া সম জিলা কাৰ্যালয়ত সামৰণি পেলোৱা হয়। সমদলৰ অন্তত দল-সংগঠনৰ নেতৃত্বই সমগ্ৰ বিষয় সামৰি সম জিলা আয়ুক্তৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰও প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar